আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ৮৯সংখ্যক জন্মদিন

0 165

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ৮৯ সংখ্যক ওপজা দিন ৷ ১৯৩৬ চনৰ আজিৰ দিনটোতে তেওঁ জন্মগ্ৰহণ কৰিছিল ৷ তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ উপৰিও তেওঁ কেন্দ্ৰীয় মন্ত্ৰীও আছিল৷ তদুপৰি সর্বভাৰতীয় কংগ্ৰেছৰ বহু শীর্ষ পদবীত তেওঁ অধিষ্ঠিত হৈছিল ৷

১৯৬৮ চনত যোৰহাট পৌৰসভাৰ এজন সদস্য হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা তৰুণ গগৈ ১৯৭১ চনত যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নির্বাচিত হয় ৷যোৰহাটৰ উপৰি তেওঁ কলিয়াবৰ লোকসভা সমষ্টিক দুবাৰ প্ৰতিনিধিত্ব কৰে ৷ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ কার্যকালত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপেও তেওঁ কার্যনিবাহ কৰে ৷ ২০০১ চনত কংগ্ৰেছ শাসনলৈ অহাৰ পাছত তৰুণ গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে ৷

ইপিনে আজি সামাজিক মাধ্যমত পিতৃক স্মৰণ কৰি তৰুণ গগৈয়ে কয় –“ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী,অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী,স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে অসমবাসীৰ মৰমৰ চানেকীৰে আধুনিক অসমৰ সপোন ৰচোতা মোৰ পিতৃ “পদ্মভূষণ” তৰুণ গগৈ দেৱৰ ৮৯তম জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো । দেউতা য’তেই আছা তাৰেই পৰা মুল্যবোধসহ স্বচ্ছতাৰে দেশৰ হৈ কাম কৰি যাবলৈ আমাক আৰ্শীবাদ কৰিবা । “

media school
Leave A Reply

Your email address will not be published.