আফগানিস্তানত অব্যাহত আছে ভূমিকম্পৰ ধ্বংসলীলা

0 191

আফগানিস্তানত অব্যাহত আছে ভূমিকম্পৰ ধ্বংসলীলা। পুনৰ আন এক ভূমিকম্পই জোকাৰি গৈছে দেশখনক। বুধবাৰৰ পুৱাই ৬.৩ ৰিখটাৰ ভূমিকম্পই জোকাৰি যায় আফগানিস্তানক। দেশখনৰ উত্তৰ-পশ্চিম অংশত জোকাৰে এই ভূমিকম্পই।

উল্লেখ্য যে, বিগত ৪দিনত দেশখনত এয়া চতুৰ্থটো ভূমিকম্প। বিধ্বংসী ভূমিকম্পত নিহত হৈছে হাজাৰ হাজাৰ লোক। ৯ অক্টোবৰত হোৱা বিধ্বংসী ভূমিকম্পৰ উদ্ধাৰ অভিযান মাৰ নৌযাওঁতেই পুনৰ এই ভূমিকম্পই দেশখনক জোকাৰি যোৱাত তথৈৱচ অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, শনিবাৰে দেশখন হোৱা ভূমিকম্পৰ ফলত ভালেসংখ্যক লোক মৃত্যুৰ মুখত পৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই ভূমিকম্পৰ ফলত ভালেসংখ্যক লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।

media school
Leave A Reply

Your email address will not be published.