এছিয়ান গেমছৰ ৰূপৰ পদক লৈ জন্মভূমিলৈ উভতিল লাভলীনা বৰগোঁহাই
এছিয়ান গেমচত ৰূপৰ পদক লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোঁহাই আজি গৃহভূমিত উপস্থিত হয় ৷ পুৱাৰ ভাগতে দিল্লীৰ পৰা আহি তেওঁ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয় ৷লাভলীনা বৰগোঁহাই উপস্থিতিৰ লগে লগে বিমান বন্দৰতে ৰাজ্য প্ৰশাসনৰ লোকে আদৰণি জনায়।
তাৰ পাছতে খেলুৱৈ লাভলীনা বৰগোঁহাই পোনে পোনে আহে শক্তিপীঠ কামাখ্যালৈ ৷ লক্ষণীয় যে কামাখ্যগেটৰ পৰা তেওঁ গাড়ীৰ পৰিৱর্তে খোজ কাঢ়ি মন্দিৰলৈ যায় লগতে মন্দিৰত তেওঁ পূজা অর্চনা আগবঢ়ায় ৷
উল্লেখ্য যে আজি নেহৰু ষ্টেডিয়ামত ৰাজ্যৰ কৃতিমান খেলুৱৈসকলক বিশেষ সম্বর্ধণা জ্ঞাপন কৰা হ’ব ৷ এই কার্যসূচীতে ৰাজ্যপালে লাভলিনা বৰগোহাঁইকো সম্বর্ধণা জ্ঞাপন কৰিব ৷ এছিয়ান গেমছৰ ফাইনেলত ৰূপৰ পদক লাভ কৰি লাভলিনা বৰগোঁহাই ২০২৪ বর্ষত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷