কাছাৰ আৰু হাইলাকান্দিত অৰুণোদয় ২.০ ৰ অধীনত ‘অৰুণোদয় কাৰ্ড’ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

0 122

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ শিলচৰ আৰু হাইলাকান্দি জিলাত অৰুণোদয় আঁচনি সম্পৰ্কীয় বিশেষ সভাত অংশগ্ৰহণ কৰি অৰুণোদয় ২.০ ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত অংশ লৈ হিতাধিকাৰীসকলৰ হাতত অৰুণোদয় কাৰ্ড আনুষ্ঠানিকভাৱে তুলি দিয়ে । অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অন্যতম সফল আঁচনি অৰুণোদয়ৰ সফলতাৰ বিষয়ে উল্লেখ কৰে । পদ্ধতিগতভাৱে যোগ্য হিতাধিকাৰী বাচনি কৰা এই আঁচনিয়ে প্ৰায় ২৭.৬ লাখ পৰিয়ালক মাহিলী ১২৫০ টকাকৈ প্ৰদান কৰি আৰ্থিক দিশত সকাহ দি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা বুলি মন্তব্য কৰে । আনহাতে মাইক্ৰ’ফাইনেন্সৰ লোন ৰেহাই আঁচনিখনো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি অনুসৰি ৰূপায়ণ কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে সম্পূৰ্ণ মেধাৰ ভিত্তিত এতিয়ালৈকে প্ৰায় ৮৭০০০ যুৱক-যুৱতীক নিযুক্তি দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম সময়ৰ ভিতৰত আৰু প্ৰায় ৩০০০০ যুৱক যুৱতীক চৰকাৰে নিযুক্তি প্ৰদান কৰিব ।

আনহাতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্ৰেৰণাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ নতুন ৰূপ লাভ কৰা বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । বৰ্তমানৰ চৰকাৰখনৰ দিনত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট-পথ আৰু দলং নিৰ্মাণ, ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণ আদিকে ধৰি বহুতো কাম হাতত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । 

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি জিলাত উপস্থিত হৈ অৰুণোদয় ২.০ ৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কায্যসূচীত অংশ লয় । এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মিচ্যন বসুন্ধৰা, মিচ্যন ভূমিপুত্ৰকে ধৰি ৰাজ্য চৰকাৰৰ কল্যাণকামী অঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ আজিৰ কাৰ্যসূচীকেইটাত বিধায়কসকল ক্ৰমে দীপ্যায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰ কান্তি সোম, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ আৰু নিজামুদ্দিন চৌধুৰীৰ লগতে জিলা দুখনৰ আয়ুক্ত প্ৰমূখ্যে প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে ।

Leave A Reply

Your email address will not be published.