ৰাজ্যৰ প্রতিটো আত্মসহায়ক গোটক ৰাজ্য চৰকাৰে দিব ১০ হাজাৰ টকাকৈ , আৰু কৰিলে বহু ঘোষণা

0 148

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্রতিটো আত্মসহায়ক গোটক ১০ হাজাৰ টকাকৈ দিব ৰাজ্য চৰকাৰে। ১০ হাজাৰ টকাৰ সদব্যৱহাৰ হ’লে পুনৰ ২৫ হাজাৰ টকা দিয়া হ’ব। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনাই এই কথা।

লগতে কয় যে, অৰুণোদয় আঁচনি দুইত ২৭.৫৪ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব।কামৰূপ মহানগৰত ১৭,৭০০ নতুন হিতাধিকাৰী সৃষ্টি হৈছে। বৰ্তমানেও অন্তৰ্ভুক্ত নোহোৱাসকল তৃতীয় আঁচনিত অন্তৰ্ভুক্ত হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা পাব হিতাধিকাৰীয়ে। CMAY আঁচনিৰ জৰিয়তে ৰাজ্যত ১ লাখ নতুন ঘৰ প্রদান কৰা হ’ব। আনহাতে এক সপ্তাহৰ ভিতৰত মাইক্রফাইনেন্সৰ ঋণ পৰিশোধ কৰা হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে। ঋণ মাফৰ নামত চৰকাৰে ইতিমধ্যে ১২,৫০০ কোটি টকা ব্যয় কৰিছে।

media school
Leave A Reply

Your email address will not be published.