বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী, তিনিচুকীয়াৰ চপাখোৱাত ঘৰ ঊষা আৰু আকৃতি ভাণ্ডাৰীৰ

0 158

বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী। নিহত হয় ৩৩ বছৰীয়া ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী। ৰে’ল দুঘটনাত নিহত হোৱা ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ ঘৰ তিনিচুকীয়াৰ চপাখোৱাত। সম্প্ৰতি দিল্লীৰ বাসিন্দা দীপক ভাণ্ডাৰীৰ পৰিয়াল। স পৰিয়ালে শদিয়াৰ মাতৃগৃহলৈ আহিছিল। RPFৰ সহযোগত এম্বুলেন্সেৰে মাতৃ-কন্যাৰ মৃতদেহ শদিয়ালৈ অনা হৈছে। স্বামী দীপক ভাণ্ডাৰী সম্প্ৰতি বিহাৰতে চিকিৎসাধীন হৈ আছে। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় আবু জায়েদ আৰু নৰেন্দ্ৰ নামৰ আন দুজন যুৱকৰ।

উল্লেখ্য যে বিহাৰত দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছৰ অসমৰ যাত্ৰীৰ তালিকা প্ৰকাশ কৰিলে NF ৰে’লৱে। বৰপেটাৰ ৬৮জন, কোকৰাঝাৰৰ ৩৬জন, কামাখ্যা ষ্টেশ্যনৰ ৫২২জন লোক আছিল ৰে’লখনত। নিউ বঙাইগাঁৱৰ ৩৫জন ৰঙিয়াৰ ১০২জন যাত্ৰীৰ তালিকা প্ৰকাশ কৰিলে NF ৰে’লৱেৰ।

নিশাই দুর্ঘটনাস্থলীত উপস্থিত হৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ৷প্ৰশাসনে নিহতসকললৈ ১০ লাখ টকাৰ সাহায্য আৰু গুৰুতৰভাৱে আহতসকললৈ ২.৫লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে সামান্য আহত হোৱা সকললৈ ৫০ হাজাৰ টকা সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.