যোৰহাটত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অত্যাধুনিক উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ

0 16

যোৰহাট ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ আজি আনুষ্ঠানিকভাবে মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰা এই কেন্দ্ৰটোৱে ৰাজ্যৰ ক্ৰীড়া খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব ৷

প্ৰায় ২৩.৭৮ কোটি টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। এই কেন্দ্ৰটোত অসমৰ খেলুৱৈসকলৰ বাবে বৈজ্ঞানিক মূল্যায়ণ , ফিজিঅ’থেৰাপি আৰু পুনৰ্বাসনৰ সুবিধা থাকিব। তথ্যভিত্তিক মূল্যায়ণ আৰু চিকিৎসাৰ বাবে কেন্দ্ৰটোত বিশ্বমানৰ সঁজুলি সংস্থাপন কৰা হৈছে । পৰিচৰ্যা আৰু প্ৰশিক্ষণৰ জৰিয়তে এই কেন্দ্ৰত ক্ৰীড়াবিদসকলক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সুৰক্ষা প্ৰদান কৰা হ’ব।

কেন্দ্ৰটোত উচ্চ পাৰদৰ্শিতাৰ ক্ৰীড়া প্ৰশিক্ষণৰ ব্যৱস্থা, শাৰীৰিক আৰু বায়’মেকানিকেল মূল্যায়নৰ ব্যৱস্থা আৰু পুনৰ্বাসন সেৱাৰ সৈতে আঘাতৰ পৰিচৰ্যাৰ ব্যৱস্থা থাকিব।

ক্ৰীড়াবিদসকলৰ পাৰদৰ্শিতা পৰীক্ষা কৰিবৰ বাবে এই কেন্দ্ৰটোত অত্যাধুনিক পৰীক্ষাগাৰ আছে। ইয়াত বায়’মেকানিকছ আৰু পষ্টুৰেল লেব, চলন আৰু দৌৰ পৰীক্ষাগাৰ, কাৰ্যকৰী পৰীক্ষাগাৰ, শৰীৰতত্ব পৰীক্ষাগাৰ, গতি আৰু জৈৱযান্ত্ৰিক পৰীক্ষাগাৰ, পেৰা-এথলীট প্ৰদৰ্শন পৰীক্ষাগাৰ, নিৰাময় পৰীক্ষাগাৰ আৰু পুনৰ্বাসন পৰীক্ষাগাৰ আছে। এই কেন্দ্ৰটোৰ জৰিয়তে অসমৰ ক্ৰীড়াবিদসকলে প্ৰশিক্ষণৰ বাবে এক বিশ্বমানৰ সুবিধা লাভ কৰিব পাৰিব। অলিম্পিকত স্বৰ্ণ পদকপ্ৰাপক অভিনৱ বিন্দ্ৰাৰ নেতৃত্বত এই ক্ৰীড়া প্ৰকল্প পৰিচালনা কৰা হ’ব।

Leave A Reply

Your email address will not be published.