আন এক যুদ্ধ! ইজৰাইলক মুকলি প্ৰত্যাহ্বান ইৰাণক
গাজাত থকা হামাছৰ ওপৰত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণে সকিয়নী দিছে যদিহে ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ নকৰে তেন্তে আন এক যুদ্ধ আৰম্ভ হ’ব।
উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ কৰিছিল। ২০ মিনিটত ৫০০০ ৰকেটেৰে আক্ৰমণ কৰাৰ ফলত ১০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। তাৰ পাছতে হামাছৰ ওপৰত আক্ৰমণ চলাইছিল ইজৰাইলে। হামাছ উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে আৰম্ভ কৰা প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজা। চৌপাশে কেৱল মৃতদেহৰ দুৰ্গন্ধ বিয়পি পৰিছে। বন্ধ হৈ পৰিছে পানী আৰু বিদ্যুত যোগান।
ইয়াৰ মাজতে হামাছৰ সমৰ্থনত এতিয়া মাত মাতিছে ইৰাণে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে, গাজাত চলি থকা আক্ৰমণ, যুদ্ধৰ বাবে অন্য দিশতো যুদ্ধ হোৱাৰ সম্ভাৱণা আছে। যদি গাজাত ইজৰাইলে আক্ৰমণ বন্ধ নকৰে তেন্তে অন্য এক যুদ্ধ হ’ব পাৰে।