ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে দৰ্শকে পাব অনন্য আমোদ;তেণ্ডুলকাৰ-ৰজনীকান্ত-অমিতাভ বচ্চনলৈ বি চি চিআইৰ গোল্ডেন টিকট

0 223

ডিজিটেল ডেস্ক : ভাৰত-পাকিস্তানৰ মেচক লৈ ক্ৰিকেট অনুৰাগী সদায়ে উদগ্ৰীৱ হৈ থাকে। তাতে যদি বিশ্বকাপৰ মেচ হয় তেন্তে সেই উছাহ দুগুণে চৰে। ১৪ অক্টোবৰৰ দিনটোলৈ ক্ৰিকেট অনুৰাগীয়ে অধীৰ অপেক্ষাৰে বাট চাই আছে। কিয়নো সেইদিনটোত আদমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ হাইভ’ল্টেজ মেচ।ইতিমধ্যে আহমেদাবাদৰ হোটেল,হোম-ষ্টে,ল’জ আদিত বাহৰ পাতিছে ক্ৰিকেট অনুৰাগীয়ে। এখনো হোটেলত থাকিবৰ বাবে নাই কোঠা। প্ৰায় সকলোবোৰ কোঠা বুক।

পিছে ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে দৰ্শকে পাব অনন্য আমোদ ! মেচৰ পূৰ্বে আয়োজন কৰা হ’ব সংগীত-নৃত্য আৰু আলোকৰে সুজ্জিত এক অনুষ্ঠান। দিনৰ ১২-৪০ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান। আনহাতে শেষ হ’ব ১-১০ বজাত। ২ বজাৰ পৰা মেচ আৰম্ভ। মেচৰ পূৰ্বে সামৰা হ’ব অনুষ্ঠান।

উল্লেখ্য যে বিশ্বকাপৰ প্ৰাকমুহূৰ্ত্তত উদ্বোধনী অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। কিন্তু বিশেষ কাৰণবশতঃ সেয়া কাৰ্যতঃ হৈ নুঠিল। সেয়ে দৰ্শকক নিৰাশ নকৰি ভাৰত-পাকৰ হাইভ’ল্টেজ মেচখনৰ পূৰ্বে তদ্ৰুপ অনুষ্ঠানৰ দিহা কৰিছে ব’ৰ্ডে।

এই অনুষ্ঠানত অৰিজিৎ সিঙে সংগীতানুষ্ঠান কৰিব। আতচবাজী, লেজাৰ শ্ব’,নৃত্য আদিৰে অনুষ্ঠানটি জীপাল কৰি তোলা হ’ব বুলি এক সূত্ৰত প্ৰকাশ। আনহাতে এই মেচখনৰ বাবে বি চি চি আয়ে প্ৰাক্তন ক্ৰিকেটাৰ তথা মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ,প্ৰবীণ অভিনেতা ৰজনীকান্ত আৰু বিগ-বি অমিতাভ বচ্চনক সোণালী টিকট প্ৰদান কৰি বিশেষভাৱে আমন্ত্ৰণ জনাইছে।

media school
Leave A Reply

Your email address will not be published.