মুখ্যমন্ত্ৰীৰ ঘোষণাঃ অষ্টম শ্ৰেণীৰ ছাত্ৰক চাইকেল, শিক্ষকক স্কুটি দিব চৰকাৰে

0 254

ডিজিটেল ডেস্কঃ শুকুৰবাৰে তেজপুৰ কলেজিয়েট ফিল্ডত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাইকেল বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, পুনৰ ১৯ হাজাৰ শিক্ষকক দিয়া হ’ব টেবলেট। আনহাতে দূৰণীবতীয়া শিক্ষক-শিক্ষয়িত্রীকো দিয়া হ’ব স্কুটী। প্রায় ৫০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক দিয়া হ’ব স্কুটী।

বিদ্যালয়ত ছাত্রৰ উপস্থিতিৰ সংখ্যা কমিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কয় যে, অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্র-ছাত্রীকো দিয়া হ’ব চাইকেল।

এইবছৰ আৰু ১০ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। ১০ বছৰৰ পিছতহে শিক্ষক-শিক্ষয়িত্রীৰ বদলিৰ ব্যৱস্থা থাকিব।

বিদ্যালয় একত্রীকৰণ ব্যৱস্থাই শিক্ষা ব্যৱস্থা উন্নত কৰা হ’ব।প্রতি এক কিলোমিটাৰ দূৰত্বত একোখন ডাঙৰ বিদ্যালয় থাকিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.