প্ৰিয়ংকাৰ বিৰুদ্ধে বিজেপিয়ে নিৰ্বাচন অয়োগত দাখিল কৰিলে অভিযোগ
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত গেৰুৱা শিবিৰে নিৰ্বাচন আয়োগক অভিযোগ কৰিছে।
বিজেপিৰ দাবী, নিৰ্বাচনৰ ঘোষণাৰ পিছতো মধ্যপ্ৰদেশৰ মণ্ডললৈ গৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাহেকীয়া বৃত্তি দিয়াৰ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই বিজেপি শাসিত মধ্যপ্ৰদেশৰ লগতে কংগ্ৰেছ শাসিত ছত্তীশগড়ৰ বাবে বৃত্তি কাৰ্যসূচী ঘোষণা কৰে। বিজেপিৰ দাবী, প্ৰিয়ংকাৰ এই ঘোষণা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিৰোধী।
৯ অক্টোবৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ১৭ নৱেম্বৰত ২৩০ আসনৰ মধ্যপ্ৰদেশত এটা পর্যায়ত ভোটগ্ৰহণ কৰা হ’ব। ছত্তীশগড়, ৰাজস্থান, তেলেংগানা, মিজোৰামৰ লগতে ৩ ডিচেম্বৰত ৰাজ্যখনৰ ভোটগণনা কৰা হ’ব।
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্যপ্ৰদেশত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল যদিও ডেৰ বছৰৰ ভিতৰতে বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰক শাসনৰ পৰা ওফৰাই দিয়ে । শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হয়। এইবাৰ একাধিক মতামত সমীক্ষাৰ পৰা ইংগিত পোৱা গৈছে যে কংগ্ৰেছে ৰাজ্যখনত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে।