উত্তৰ -পূৰ্বাঞ্চলীয় সাংস্কৃতিক সম্বন্বয় সমাৰোহত মন্ত্ৰী পীযুষ হাজৰিকা

0 135

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গহপুৰস্থিত ছয়দুৱাৰ মহাবিদ্যালয় প্রাঙ্গনত
শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সংস্কৃতি শাখা আৰু কেন্দ্রীয় সেৱা বাহিনীৰ উদ্যোগত তথা গহপুৰ জিলা শাখাৰ আতিথ্যত আয়োজিত উত্তৰ-পূর্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহত অংশগ্ৰহণ কৰে । 

সমাৰোহৰ এক অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হাজৰীকাই উপস্থিত বাপ-বৈষ্ণৱ আৰু সুধীবৃন্দক উদ্দেশ্যি বক্তব্য আগবঢ়ায় । বক্তব্যৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়ায় । লগতে মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতি গঠনত শংকৰদেৱ গুৰুজনাৰ অনবদ্য অৱদানৰ বিষয়ে উল্লেখ কৰে । নামঘৰৰ জড়িয়তে গুৰুজনাই তথাকথিত উচ্চ-নীচ, ভেদাভেৱৰ উৰ্দ্ধত এখন বৃহৎ মানৱ সমাজ গঠন কৰাৰ প্ৰয়াস কৰিছিল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ সকলো অনুষ্ঠানৰ ভিতৰতে নামঘৰৰ এটা একক আৰু অনন্য পৰিচয় আছে । আনহাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম তথা উত্তৰ-পূব ভাৰতত শংকৰদেৱ গুৰুজনাৰ মহান আদৰ্শৰে আমি আমাৰ পুৰাতন সম্প্ৰীতি ৰক্ষা কৰি চলিব পাৰো বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । বৰ্তমানৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনৰ নামঘৰ সমূহৰ বাবে বিশেষ আৰ্থিক সাহাৰ্য প্ৰদান কৰি নামঘৰৰ গৃহসমূহ নিৰ্মাণত যথেষ্ট আগভাগ লোৱা বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

Leave A Reply

Your email address will not be published.