পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় উত্তৰ-পশ্চিম আফগানিস্তান

0 180

দেওবাৰে পুৱা পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় উত্তৰ-পশ্চিম আফগানিস্তান। আফগান নিউজ চেনেল ট’লো নিউজৰ বাতৰি অনুসৰি, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩।

জানিব পৰা অনুসৰি, ৬.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু। ইৰাণৰ সীমান্তৰ সমীপত আফগানিস্তানৰ তৃতীয় বৃহত্তম চহৰ হেৰাটৰ পৰা ৩০ কিলোমিটাৰ উত্তৰ-পশ্চিমে শেহতীয়া ভূমিকম্পৰ কেন্দ্ৰবিন্দু।

অৱশ্যে এই ভূমিকম্পটোত কোনো লোক হতাহত হৈছে নেকি সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই। আজি অহা ভূমিকম্পটোৰ পিছত জনসাধাৰণ পিছত যথেষ্ট আতংকৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, যোৱা সপ্তাহতো হেৰাট প্ৰদেশত ৬.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল য’ত ২৫০০ লোকে প্ৰাণ হেৰুৱাইছিল। প্ৰাণ হেৰুওৱা লোকৰ ভিতৰত আছিল ৯০ শতাংশতকৈও অধিক শিশু আৰু মহিলা।

media school
Leave A Reply

Your email address will not be published.