নাও খেলৰ মাজতে অঘটন, ১৫০জন লোকসহ পানীত ডুবিল নাও
নিউজ ডেস্ক, ১৮অক্টোবৰ : ভয়ংকৰ নাও দুৰ্ঘটনা । ১৫০জন লোকসহ পানীত ডুবিল নাও(Boat Mishap in Tipkai River of Dhubr) ।
ধুবুৰীৰ গৌৰিপুৰত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা । ধুবুৰীৰ গৌৰিপুৰৰ টিপকাই নৈত সংঘটিত এই ঘটনা । জানিব পৰা মতে, টিপকাই নৈত নাও খেল প্ৰতিযোগিতা চলি আছিলে আৰু এই নাও খেলৰ মাজতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । ১৫০জন লোকসহ নৈত বুৰ গ’ল নাও । মাজ নদীৰ পৰা সাঁতুৰি পাৰত উঠে নাও খেলত অংশগ্ৰহণ কৰা খেলুৱৈসকল(Boat Mishap in Tipkai River of Dhubr)।
এই নাও দুৰ্ঘটনাৰ পিছতে একাংশই প্ৰশ্ন তুলিছে যে নাও খেলৰ বাবে আৰক্ষী–প্ৰশাসনৰ অনুমতি লৈছেনে আয়োজক সমিতিয়ে। কাৰণ নাও খেলত নাছিল প্ৰশাসনৰ সুৰক্ষা ব্যৱস্থা ।