মহাপঞ্চমীৰ দিনা মুকলি হ’ব জু-ৰোডৰ উৰণ সেতু

0 121

নিউজ ডেস্ক, ১৮অক্টোবৰ : প্ৰায় ১বছৰ ৭মাহৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত গুৱাহাটীবাসীৰ বাবে ভাল খবৰ ।

১৯অক্টোবৰ অৰ্থাত কাইলৈ মুকলি হ’ব মহানগৰীৰ আন এখন উৰনী সেতু । মুকলি হ’ব গুৱাহাটী মহানগৰীৰ জু ৰোডৰ উৰণ সেতু। উৰণ সেতুখনৰ ইতিমধ্য়ে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব উৰণ সেতুখনৰ(Zoo Road flyover all set to be inaugurated on Oct 18) ।

উল্লেখ্য যে,নতুনকৈ মুকলি হ’বলগীয়া জু ৰোডৰ উৰণ সেতুখন নামকৰণ কৰা হৈছে ‘শ্ৰদ্ধাঞ্জলি উৰণ সেতু’নামেৰে । ‘শ্ৰদ্ধাঞ্জলি উৰণ সেতু ১৯ অক্টোবৰ দুৰ্গোৎসৱৰ পঞ্চমীৰ দিনা সন্ধিয়া উদ্ধোধন কৰা হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে(Dispur’s Durga Puja gift to Guwahatians) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৫-৩০ বজাত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা জু তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত আয়োজন কৰা হৈছে উদ্বোধনী অনুষ্ঠানৰ । মহানগৰবাসীক যানজঁটৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যৰে মহানগৰখনত একাধিক স্থানত উৰণ সেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে ।

নতুনকৈ মুকলি হ’বলগীয়া শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ ৷ ইয়াৰ মূল অংশ কমাৰ্চ পইণ্টৰ পৰা সুন্দৰপুৰলৈ ১. ৯৮ কিলোমিটাৰ আৰু আন এটা অংশ জু তিনিআলিত জু-নাৰেংগী পথ ৰূপে পৰিচিত মাদাৰ টেৰেছা পথলৈ ৩৩০ মিটাৰ ফাটি গৈছে ৷ ২.২৮ কিল’মিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনৰ মুঠ খৰচ ৩১৮ কোটি টকা ৷ লোকনিৰ্মাণ বিভাগে মুঠ ১৯ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিছে এই উৰণ সেতুখনৰ নিৰ্মাণৰ কাম(Zoo Road Flyover Ready For Inauguration On Oct 18) ৷

Leave A Reply

Your email address will not be published.