Minister Jayanta Malla Baruah: কথমপি প্ৰাণৰক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ!

0 251

কথমপি প্ৰাণৰক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মাজ আকাশতে বিকল হেলিকপ্টাৰৰ ইঞ্জিন। মানকাচৰৰ পৰা আহি আছিল মন্ত্ৰীগৰাকী। বৰঝাৰ বিমানবন্দৰত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰা হয়।

মানকাচৰত অৰুণোদয়ৰ কাৰ্ড বিতৰণ কৰি আহি আছিল মন্ত্ৰীগৰাকী। খানাপাৰাৰ পৰা বৰঝাৰলৈ লৈ যোৱা হয় হেলিকপ্টাৰ। বৰঝাৰ বিমান বন্দৰত জৰুৰীভাৱে ৰাণৱেত অৱতৰণ কৰে।

উল্লেখযোগ্য যে, হেলিকপ্টাৰৰ জৰুৰী অৱতৰণক লৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। কেইবাখনো বিমান অৱতৰণ আৰু উৰণৰ বাবে সাজু হৈ আছিল। জৰুৰী অৱতৰণৰ বাবে কেইবাখনো বিমানৰ সময় সলনি কৰা হৈছে।

আকাশমাৰ্গতে বহুসময় উৰি থাকিব লগা হয় কেইবাখনো বিমান। কোনো বিঘিনি নোহোৱাকৈ হেলিকপ্টাৰৰ পৰা নামে মন্ত্ৰী বৰুৱা। বৰ্তমান বৰঝাৰৰ VIP লাউঞ্জত জিৰণি লৈছে মন্ত্ৰীগৰাকীয়ে। হেলিকপ্টাৰখন ASCENT কোম্পানীৰ বুলি জানিব পৰা গৈছে।

media school
Leave A Reply

Your email address will not be published.