নতুন বোৱাৰীক আদৰিবলৈ সাজু আম্বানী পৰিয়াল,বিয়াৰ দিন ঠিক হ’ল অনন্ত-ৰাধিকাৰ

0 306

ডিজিটেল ডেস্ক: আকৌ বিয়াৰ পৰিৱেশত উখল-মাখল হ’ব মুকেশ আম্বানীৰ ঘৰ।আম্বানী  পৰিয়ালৰ লগতে অনুৰাগীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ এতিয়া অন্ত পৰিল। হয়, বিয়াৰ দিন ঠিক হ’ল নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ।

আম্বানী পৰিয়ালৰ পৰা ওলোৱা খবৰ অনুসৰি, অনন্ত আম্বানী আৰু ৰাধিকা মাচেণ্ট  ২০২৪ চনৰ জুলাইত বিবাহ পাশত আৱদ্ধ হ’ব। এই বিয়াৰ কাৰ্যসূচী তিনিদিনীয়াকৈ অৰ্থাৎ ১০,১১ আৰু ১২ জুলাইত অনুষ্ঠিত হ’ব। গণেশ উৎসৱ উপলক্ষে হেনো মুকেশ আম্বানীয়ে নিজেই বিবাহৰ তাৰিখ ঠিক কৰিছে।

উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে উদয়পুৰৰ পৰা ৪৮ কিলোমিটাৰ দূৰত ৰাজস্থানৰ নাথৱাড়াত অৱস্থিত শ্ৰীনাথ মন্দিৰত অনন্ত আৰু ৰাধিকাৰ বাগদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।

ৰাধিকা মাৰ্চেণ্টক ঈশা আম্বানী আৰু আকাশ আম্বানীৰ বিয়াতো পৰিয়ালৰ সৈতে দেখা গৈছিল। ৰাধিকা ইতিমধ্যেই আম্বানী পৰিয়ালৰ এজন বিশেষ সদস্য হৈ পৰিছে। তেওঁক অলপতে অনুষ্ঠিত গণপতি উৎসৱত শাহুৱেকৰ সৈতে বিশেষভাৱে দেখা গৈছিল।আম্বানী পৰিয়ালত ৰাধিকা তেওঁৰ শাহু নীতা আম্বানীৰ খুবেই প্ৰিয়।

media school
Leave A Reply

Your email address will not be published.