প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰীয়ে, কেৱলীয়া ভকতক দিয়া প্ৰতিশ্ৰুতি এটা দিনৰ পিছতে পূৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 123

কথা মতেই কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উৎফুল্লিত তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ এজাক কেৱলীয়া ভকত। যোৱা ১২ অক্টোবৰত তিতাবৰ মহিমাবাৰীস্থিত শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ পৰিদৰ্শনৰ বাবে গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

সত্ৰখনৰ অভাৱ, সমস্যা আদি কৰি প্ৰায় প্ৰতিটো বিষয় পুংখানুপুংখভাৱে বুজ লৈ প্ৰায় ২ ঘণ্টাৰো অধিক সময় অতিবাহিত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘোষণা কৰিছিল সত্ৰৰ উন্নয়ন আৰু সংস্কৃতি ৰক্ষাৰ কেতবোৰ কথা।

ইয়াৰ মাজতে মামাক লগ পাই সেই সময়ত আপোন পাহৰা হৈ পৰা সত্ৰখনৰ আবাসী এজাক কণ-কণ কেৱলীয়া ভকতে মামাক আগুৰি ধৰিছিল। মুখ্যমন্ত্ৰী মামাৰ লগত বহুত কথা পাতিছিল। মামাই মৰমতে ভাগিনহঁতক উদ্দেশ্যি সুধিছিল – তহঁতক কি লাগিব।

ইয়াৰ মাজতে মামাক লগ পাই সেই সময়ত আপোন পাহৰা হৈ পৰা সত্ৰখনৰ আবাসী এজাক কণ-কণ কেৱলীয়া ভকতে মামাক আগুৰি ধৰিছিল। মুখ্যমন্ত্ৰী মামাৰ লগত বহুত কথা পাতিছিল। মামাই মৰমতে ভাগিনহঁতক উদ্দেশ্যি সুধিছিল – তহঁতক কি লাগিব।

কেৱলীয়া ভকত মলয় আৰু দেৱজিতে তপৰাই উত্তৰ দিছিল – আমাক ৰেঞ্জাৰ চাইকেল লাগিব। লগে-লগে মামাই সত্ৰৰ কণমানি কেৱলীয়া ভকতক ৰেঞ্জাৰ চাইকেল দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

এতিয়া ৰেঞ্জাৰ চাইকেল চলাই গোটেই কেইজন কেৱলীয়া ভকত নিতৌ অহা-যোৱা কৰিছে নিজা-নিজা শিক্ষানুষ্ঠানলৈ, সংগীৰ ঘৰলৈ। আনন্দৰ যেন সীমা নাই। এই আপাহতে ভাগিনহঁতৰ লগতে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতেও মুখ্যমন্ত্ৰীক ধন্যবাদ, কৃতজ্ঞতা আৰু আশীৰ্বাদেৰে উপচাই দিছে।

media school
Leave A Reply

Your email address will not be published.