আজি বিজয়া দশমী, দেৱী দুৰ্গাক বিদায় দিয়াৰ বাবে মণ্ডপে মণ্ডপে প্ৰস্তুতি
আজি বিজয়া দশমী। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি বিদায় দিব ভক্তসকলে। নিজম পৰিব ৪ দিন ধৰি ঢাক আৰু ঘণ্টাৰ লগতে মন্ত্ৰোচ্চাৰণ আৰু মংগল ধ্বনিৰে মুখৰিত হৈ থকা পূজাথলীসমূহ। মা দুৰ্গাক বিসৰ্জনৰ বাবে সাজু হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিখন পূজা সমিতি।
বিসৰ্জনৰ বাবে প্ৰশাসনে সাজু কৰি তুলিছে নদীৰ ঘাটসমূহ। গুৱাহাটীৰ ৮টাকৈ ঘাটত হ’ব দেৱীৰ বিসৰ্জন। বিসৰ্জনৰ বাবে প্ৰশাসনে গুৱাহাটীত জাৰি কৰিছে পথ নিৰ্দেশনা। নিৰ্দিষ্ট পথৰেহে বিসৰ্জনৰ বাবে নিব পাৰিব দেৱীৰ মূৰ্তি।
গুৱাহাটী মহানগৰীত দুদিনীয়াকৈ হ’ব বিসৰ্জন। বিজয়া দশমীৰ লগতে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ’ব ৰাৱণ দাহন কাৰ্যসূচী। ৰাৱণ দাহন উপলক্ষে ভিন্নস্থানত চলিছে ব্যাপক প্ৰস্তুতি।
মহানগৰী নেহৰু ষ্টেডিয়ামত দাহ কৰা হ’ব ৰাৱণৰ প্ৰতিমূৰ্তি। উল্লেখযোগ্য যে, দেৱী মাক বিসৰ্জনৰ পূৰ্বে নৱমীৰ নিশা এপৰলৈ পূজা মণ্ডপে মণ্ডপে দেখা গ’ল জনসমুদ্ৰ।
মহানগৰীৰ ৰেষ্ট কেম্প, বিষ্ণুপুৰ, শ্লুইছগেট, গীতানগৰকে ধৰি প্ৰায় প্ৰতিখন পূজা মণ্ডপতেই বিৰ দি বাট নোপোৱা অৱস্থা দেখা গ’ল। মুঠৰ ওপৰত ৰাজ্যৰ প্ৰতিটো স্থানতে অগণন ভক্তৰ ভিৰ দেখা গ’ল নৱমীৰ দিনা। চাৰিদনীয়া আড়ম্বৰপূৰ্ণ পূজাৰ অন্তত আজি মা দুৰ্গাক বিদায় জনাব ভক্তগণে।