Bangladesh Train Accident : পূজাৰ মাজতে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ১৫জনৰ মৃত্যু

0 171

পূজাৰ মাজতে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। সোমবাৰে দুখন ৰে’লৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত ১৫জন লোকৰ মৃত্যু হয়। আনহাতে, বহু লোক আহত হয় এই দুৰ্ঘটনাত।

আৰক্ষীৰ মতে, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বাংলাদেশত সংঘটিত হৈছে এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ ভৈৰৱত এখন পেছেঞ্জাৰ ৰে’লৰ সৈতে সংঘৰ্ষ হয় এখন মালগাড়ীৰ।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে, কিয়নো উদ্ধাৰ অভিযান অব্যাহত আছে। সংবাদ প্ৰতিষ্ঠান এপিৰ মতে, এতিয়ালৈ এই দুৰ্ঘটনাত ১৫জন লোকৰ মৃত্যু হৈছে, আনহাতে, বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে, মৃতকৰ সংখ্যাই ২০ৰ ঘৰ অতিক্ৰম কৰিছে।

ৰয়টাৰ্ছৰ মতে, এই ৰে’ল দুৰ্ঘটনাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.