ঠিকনা সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ, ক’ত হ’ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়?

0 141

ঠিকনা সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ। জনতা ভৱনত নতুনকৈ স্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। নতুনকৈ নিৰ্মাণ কৰা অট্টালিকালৈ স্থানান্তৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। আজি ১১ বজাত মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় মুকলি কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন কাৰ্যালয়।

হোম- যজ্ঞ, পূজা- অৰ্চনাৰ অন্তত নতুন কাৰ্যালয়ত প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই। জনতা ভৱনৰ C ব্লকৰ সমীপত পৃথকে নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়টো। পাঁচ মহলীয়া আটক ধুনীয়া ব্লকত থাকিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়।

একেটা ব্লকত সংলগ্ন হৈ থাকিব মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যালয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থাকিব অটক ধুনীয়া অতিথিশালা, সভাগৃহ। মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়ৰ গৃহ প্ৰৱেশ উপলক্ষে সজাই-পৰাই তোলা হৈছে নতুন ব্লকটো।

media school
Leave A Reply

Your email address will not be published.