ৰাজধানী এক্সপ্ৰেছযোগে আজি অসমৰ পৰা নতুন দিল্লীলৈ ২৭০টা অমৃত কলহ প্ৰেৰণ, অমৃত কলহ যাত্ৰীক মুখ্যমন্ত্ৰীৰ বিদায় সম্ভাষণ

0 206

আজি অসমৰ পৰা ‘অমৃত কলহ যাত্ৰা’ নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। শুকুৰবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ ২৭০টা ‘অমৃত কলহ’ লৈ যোৱা হৈছে।

ৰে’লেৰে এই অমৃত কলহ কেইটা পুৱা ৫ বাজি ৪৫ মিনিটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দিল্লীলৈ প্ৰেৰণ কৰা হয়। অমৃত কলহ যাত্ৰীক মুখ্যমন্ত্ৰীয়ে বিদায় সম্ভাষণ জনায়।

অসম চৰকাৰৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে, গুৱাহাী পৌৰসভাৰ মেয়ৰ মৃগেণ শৰণীয়া, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং উপস্থিত থাকে।

দিল্লীত নিৰ্মাণ হ’ব লগা অমৃত ভাটিকাত এই মাটিখিনি সংস্থাপিত কৰা হ’ব। অসমৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ ৫৪০টা ‘অমৃত কলহ’ সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰে ৫০ শতাংশ অৰ্থাৎ ২৭০টা কলহ অমৃত ভাটিকাত ৰখা হ’ব।

বাকী থকা ২৭০টা কলহ গহপুৰৰ কনকলতা বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰা হ’ব। ৰাজ্যৰ ভিন্ন প্ৰান্ত্ৰ পৰা সংগ্ৰহ কৰি অনা মাটিখিনি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত কৰা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহত দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে। প্ৰতিখন ৰাজ্যৰ চৰকাৰে এমুঠিকৈ প্ৰতিটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰাই, সেয়া দিল্লীলৈ প্ৰেৰণ কৰে।

media school
Leave A Reply

Your email address will not be published.