প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান,ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য
প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই। ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰকটকীয়ে। ১৬ অক্টোবৰৰ পৰা বৰকটকী চিকিৎসাধীন হৈ আছিল GMCHত।
একেৰাহে ৫ বাৰৰ বাবে কংগ্ৰেছৰ বিধায়ক আছিল বৰকটকী। প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত গড়কপ্টানী মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল বৰকটকীয়ে। ২০১৫ চনত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ।
একেৰাহে ৬বাৰ বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি ২০১৬ চনত তপন গগৈৰ হাতত পৰাস্ত হৈছিল বৰকটকী। ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে বিধায়ক ৫ বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শৰৎ বৰকটকী।
মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰি গৈছে শৰৎ বৰকটকীয়ে। ১০ বজাত GMCHৰ মৰ্গৰ পৰা উলিওৱা হৈছে তেওঁৰ নশ্বৰদেহ। ১১ বজাত ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছ নেতৃত্বই।
তাৰ পিছতেই উলুবাৰীস্থিত বাসগৃহলৈ নিয়া হয় নশ্বৰদেহ। বিয়লি সোণাৰিলৈ লৈ যাব শৰৎ বৰকটকীৰ নশ্বৰদেহ। সোণাৰিতেই সম্পন্ন হ’ব শেষকৃত্য।