কাজিৰঙাৰ হাতী ছাফাৰিৰ ৰোমাঞ্চকৰ অভিজ্ঞতা ল’বলৈ মন নেকি? আজিৰে পৰা কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি

0 236

কাজিৰঙাৰ হাতী ছাফাৰিৰ ৰোমাঞ্চকৰ অভিজ্ঞতা ল’বলৈ আপোনাৰো মন আছে নেকি? তেন্তে দেৰি নকৰিব ।দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি।

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি কৰে।

পুৱা ৬ বজাত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে উদ্যানৰ সঞ্চালক সোণালী ঘোষে ছাফাৰি মুকলি কৰে।

 বহিঃৰাষ্ট্ৰ কানাডাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে হাতী ছাফাৰিৰ প্ৰথম দিনাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে, যোৱা ১৫ অক্টোৱৰত মুকলি হোৱা পাছত বিগত ১৬ দিনত ১৬ হাজাৰৰো অধিক পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে।

ইফালে আজি কঁহৰা বনাঞ্চলত বিভাগীয় হাতীৰ বিপৰীতে বাগৰিত ব্যক্তিগত হাতীৰ ছাফাৰি আৰম্ভ কৰা হৈছে বুলি উদ্যানৰ সঞ্চালকে জানিবলৈ দিয়ে।

media school
Leave A Reply

Your email address will not be published.