এইবাৰ অন্ত পৰিবনে ক্ৰিকেটপ্ৰেমীৰ ১২ বছৰীয়া অপেক্ষাৰ? শ্ৰীলংকাৰ বিৰুদ্ধে খেলত মহম্মদ ছামীৰ ৫টা ডাঙৰ অভিলেখ
যোৱাকালি মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হয় ভাৰত আৰু শ্ৰীলংকাৰ মহাৰণ। দিনৰ ২বজাৰ খেল খনত শ্ৰীলংকাই টচ জিক বলিঙৰ সিদ্ধান্ত লয়। খেলখনৰ আৰম্ভণি শ্ৰীলংকাই সুন্দৰভাৱে কৰে, মাত্ৰ ৪ ৰাণতে out হয় ভাৰতীয় টিমৰ অধিনায়ক ৰোহিত শৰ্মা। তাৰ পিছতেই বিৰাট কোহলিৰ ৮৮ আৰু সুভ্মন গিলৰ ৯৩ ৰানৰ এক সুন্দৰ partnership গঢ়ি উঠে শেষত শ্বেয়াচৰ ৮৮ ৰাণৰ সহযোগত ভাৰতে ৩৫৭ ৰানৰ টাৰ্গেট শ্ৰীলংকাৰ আগত ৰাখে।
ভাৰতে প্ৰথমে বেটিঙ কৰি ৩৫৭ ৰাণ বনায় যাৰ প্ৰত্যুত্তৰত শ্ৰীলংকা মাত্ৰ ৫৫ ৰাণহে বনাবলৈ সক্ষম হল। খেলখনত মহম্মদ ছামীযে ৫ টা কৈ ৱেইকেট লাভ কৰিবলৈ সক্ষম হয়, , ছিৰাজে এটা অভাৰতে শ্ৰীলঙ্কাৰ দুটাকৈ ওইকেট লয়। ভাৰতৰ বলিঙ প্ৰদৰ্শন মাত্ৰ ১৯.৪ অভাৰতেই ধৰাষাই হৈ যায় শ্ৰীলংকাৰ বেটছমেন। যাৰ ফলস্বৰুপে ভাৰতে ৩০২ ৰানৰ এক বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয় ।
খেলখনত মহম্মদ ছামীযে এক অভিলেখ গঢ়িবলৈও সক্ষম হয়। মহম্মদ ছামী ১দিৱসীয় ক্ৰিকেটত আৰু world cupত সৰ্বাধিক উইকেট লাভ কৰা বলাৰৰ ৰেকৰ্ড লাভ কৰে।
World Cup ২০২৩ত ছামীয়ে খেলা ৩ওখন খেলতে বৰ্তমান লৈকে সুন্দৰ প্ৰদৰ্শন কৰি আহিছে। হাৰ্দিক পণ্ডিয়াৰ অনুপস্থিতিত খেলা ছামিয়ে এতিয়া দোমোজাত পেলাইছে selectors কমিটীৰ লগতে অধিনায়ক ৰোহিত শৰ্মাকো।
বৰ্তমানলৈকে world cup ২০২৩ খেলা সাতখন খেলতে ভাৰতে জয় লাভ কৰিব সক্ষম হৈছে। এতিয়া মাত্ৰ দুখজ বাকী, তাৰপিছতে সপোন পূৰণ হব সমগ্ৰ বিশ্ববাসীৰ , ভাৰত হৈ পৰিব ২০২৩ world cup ৰ চেম্পিয়ন ।