তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে গুৱাহাটীলৈ ভূটানৰ ৰজা Jigme Khesar Namgyel Wangchuck

0 120

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমত ভূটানৰ ৰজা। আজি পুৱা গুৱাহাটীত উপস্থতি হয় চুবুৰীয়া দেশখনৰ ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুক।গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যা মন্দিৰত উপস্থিত হয় ভূটানৰ ৰজা। ভূটানৰ ৰজাক উষ্ম আদৰণি জনোৱা হয় কামাখ্যাত।প্ৰায় আধা ঘণ্টা সময় কামাখ্যা মন্দিৰত কটায় ভূটানৰ ৰজাই। মন্দিৰ দৰ্শন কৰি পৰিক্ৰমা কৰে ৰজা ৱাংচুয়ে।

মা কামাখ্যাৰ আশীষ লৈ Radisson Blu Hotel লৈ প্ৰস্থান কৰে ৰজা ৱাংচুয়ে।বিয়লি খানাপাৰাৰ ষ্টাফ college ৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব ভূটান নৃপতিগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকতো বহিব

কাইলৈ ৰাতিপুৱাই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা পৰিভ্ৰমণৰ উদেশ্যে ৰাজপৰিয়ালসহ কাজিৰঙা গমন কৰিব ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুক । কাজিৰঙা ভ্ৰমণৰ লগতে মত বিনিময় কৰিব বন বিষয়াৰ লগতো । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ভুটানৰ নৃপতি।বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ মন মেলা ৰজাৰ লগতে ৰাজপৰিয়ালক আদৰিবলৈ এতিয়া কাজিৰঙাত দিনে-নিশাই প্ৰস্তুতি চলিছে।

ভূটানৰ পঞ্চমজন ৰজা জিগমে খেছাৰ ন্যামগাল ৱাংচুকে (Jigme Khesar Namgyel Wanchuck) অহা ৪ আৰু ৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হ’ব। ৰজা তথা ৰাজ পৰিয়ালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কালত যাতে কোনো ক্ৰুটি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে। বোকাখাতৰ পৰা কাজিৰঙালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গাতবোৰ মেৰামতি কৰি থকা হৈছে।

অন্যহাতে ৰাজ্য চৰকাৰে কাজিৰঙালৈ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহৰ সন্মুখত এক সাংকৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। ইফালে ভূটানৰ ৰজাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ পৰ্যটকৰ বাবে অহা ৪ আৰু ৫ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ আৰু হাতী চাফাৰী বন্ধ ৰখাৰ কথা উদ্যান কৰ্তৃপক্ষই ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.