প্ৰলয়ংকাৰী ভূমিকম্পত তচনচ নেপাল, ধ্বংসস্তুপৰ পৰা ইটোৰ পাছত সিটোকৈ উদ্ধাৰ মৃতদেহ

0 235

শুকুৰবাৰে নিশা নেপালত ভূমিকম্পৰ প্ৰচণ্ড জোঁকৰণি।ভূমিকম্পত পুনৰ ধ্বংসলীলা চলিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালত। ৰিখটাৰ স্কেলত এই কম্পনৰ প্ৰাবল্য আছিল ৬.৪।

প্ৰায় ৪০ ছেকেণ্ডৰ জোঁকাৰণিৰ ফলত প্ৰায় শ শ বাসগৃহকে ধৰি অন্যান্য প্ৰতিষ্ঠানও ধ্বংস হৈছে। ফলত ১৫০ জনকৈ লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। তাৰোপৰি আঘাত প্ৰাপ্ত লোকৰ আৰু বৃদ্ধি পাব বুলি প্ৰশাসনে আশংকা ব্যক্ত কৰিছে।প্ৰায় ৪৮ ঘণ্টাৰ ব্যৱধানত অহা ৩টা ভূমিকম্পৰ জোকাৰণিত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ ত়থ্য অনুসৰি শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু কাঠামাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।


নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ভাৰতৰ ৰাজধানী দিল্লীতো দেখিবলৈ পোৱা গৈছে। যাৰ ফলস্বৰূপে লোকসকলে বাসগৃহ এৰি মুকলি স্থানলৈ ওলাই অহা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, ফিৰোজাবাদ, আমেঠি, প্ৰতাপগড়, গৌৰখপুৰকে ধৰি বিভিন্ন স্থানত কম্পন অনুভৱ হৈছে।

উল্লেখ্য যে, চলিত মাহত এয়া আছিল নেপালত অহা তৃতীয়টো ভূমিকম্প। নেপালত সঘনে ভূমিকম্প অহাৰ কাৰণ হৈছে দেশখন যি পৰ্বতমালাত অৱস্থিত সেই পৰ্বতমালাত তিব্বতী আৰু ভাৰতীয় টেকটনিক প্লেটচবোৰ মিলিত হয়। প্ৰতি শতিকাত এই প্লেটবোৰ প্ৰায় ২ মিটাৰ কাষলৈ যায়। ফলত চাপ আৰু ভূমিকম্প আহে।

media school
Leave A Reply

Your email address will not be published.