মকৰ সংক্ৰান্তিৰ প্ৰাকক্ষণতে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব মূৰ্তি, ৰামমূৰ্তিসহ ৫০০ মিটাৰ পৰিভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

0 191

আগন্তুক ২০২৪ বৰ্ষৰ ২২ জুনৱাৰী অৰ্থ্যাত ঠিক মকৰ সংক্ৰান্তিৰ প্ৰাকক্ষণতে অযোধ্যাৰ ৰাম মন্দিৰত মূৰ্তি প্ৰতিষ্ঠাৰ দিন নিৰ্ধাৰণ কৰা হৈছে। ৰাম মন্দিৰত স্থাপন কৰিবলগীয়া মূৰ্তিভাগ বৰ্তমান মূল মন্দিৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত থকা এটা অস্থায়ী মন্দিৰত পূজা, অৰ্চনা কৰি থকা হৈছে।

মন্দিৰ কৰ্তৃপক্ষই সেই অস্থায়ী মন্দিৰৰ পৰা ৰামৰ মূৰ্তি মূল মন্দিৰলৈ কঢ়িয়াই অনাৰ গুৰু দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছে। যদিহে প্ৰধানমন্ত্ৰী মোডীয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে তেওঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰটোকল ভংগ কৰি অস্থায়ী মন্দিৰৰ পৰা ৰাম মন্দিৰলৈ প্ৰায় আধা কিলোমিটাৰ পথত খালী ভৰি, হাতেৰে আহিব লাগিব। তাৰ পাছত সেই মূৰ্তি মন্দিৰৰ গৰ্ভগৃহত ৰাখিব লাগিব।

আগন্তুক বৰ্ষৰ মকৰ সংক্ৰান্তিৰ পাছৰ দিনটোতে অযোধ্যাৰ নতুন ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হব ৰামৰ শিশু অৱস্থাৰ নতুন মূৰ্তিভাগ। সেই দিনাই মন্দিৰৰ গৰ্ভ গৃহত ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ পূজা, অৰ্চনাও কৰা হ’ব।

এই পূজাৰ অন্তত প্ৰাৰ্থনা পৰ্ব শেষ হোৱাৰ পাছতে শিশু ৰামৰ পুৰণি মূৰ্তিক পবিত্ৰ স্থানত ৰখা হ’ব। আৰু গৰ্ভ গৃহত প্ৰতিষ্ঠা কৰা হ’ব নতুন মূৰ্তি। এই গোটেই প্ৰক্ৰিয়া সম্পন্ন হ’ব পুৱা ১১ বজাৰ পৰা দুপৰ নিশা ১২ বজাৰ মাজৰ সময়ছোৱাত।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। ইয়াৰোপৰি থাকিব আৰ এছ এছৰ প্ৰধান মোহন ভগৱত। অনুষ্ঠানত আমন্ত্ৰিত হ’ব দেশৰ প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিভিন্ন গণ্যমাণ্য ব্যক্তি। আনহাতে সমগ্ৰ দেশতে প্ৰচাৰ কৰা হ’ব এই অনুষ্ঠানৰ দৃশ্য।

media school
Leave A Reply

Your email address will not be published.