৩ বছৰ পিছতে ৰিং ৰোডেৰে ঘূৰিব পাৰিব গুৱাহাটীবাসীয়ে! ক’ৰ পৰা ক’লৈ হ’ব এই ৰিং ৰোড? 

0 218

গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড। ৫,৮০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিং ৰোড। আজি এক সংবাদমেলত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, বাইহাটাৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ হৈ হ’ব ৰিং ৰোড। চন্দ্ৰপুৰৰ পৰা সোণাপুৰ হৈ যাব জালুকবাৰীলৈ। জালুকবাৰীৰ পৰা পুনৰ সংযোগ হ’ব বাইহাটাত। ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰিং ৰোড নিৰ্মাণৰ কাম। আনহাতে, কুৰুৱাত নিৰ্মাণ হ’ব ৬ লেনযুক্ত দলং।

পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই প্ৰকল্পৰ ৫০ শতাংশ খৰচ বহন কৰিব কেন্দ্ৰই।ইয়াৰ উপৰি, কামাখ্যাৰ পৰা কামাখ্যা ৰে’ল ষ্টেচনলৈ হ’ব ৰোপৱে’। এই প্ৰকল্পৰ বাবে ১৬০ কোটি টকা ব্যয় হ’ব। ১.৬৭ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব এই ৰোপৱে’। কলিয়াবৰ-গহপুৰ পথ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও মন্তব্য কৰে ড০ শৰ্মাই।

media school
Leave A Reply

Your email address will not be published.