সুধাকণ্ঠবিহীন ১২টা বছৰ,আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১২তম মৃত্যুতিথি

0 178

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। আজিৰ এই দিনটোতেই জীৱনৰ মায়া মোহ ত্যাগ কৰি এৰি গুচি গৈছিল আমাৰ সকলোৰে হিয়াৰ আমোঠু ড০ ভূপেন হাজৰিকা।

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা ইহলীলা সম্বৰণ কৰে।মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ পৰা আহিছিল অসম আৰু অসমীয়াৰ হৃদয় ভাঙি যোৱা সেই অনাকাংশিত খবৰটো।

বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত দেওবাৰে সমগ্ৰ ৰাজ্যদুৰি স্মৰণ কৰা হ’ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। যিগৰাকী শিল্পী অবিহনে অসমীয়াৰ পৰিচয় আধৰুৱা সেইগৰাকী মহান শিল্পীৰ কালজয়ী গীতেৰে দেওবাৰে মুখৰিত হৈ থাকিব সমগ্ৰ ৰাজ্য।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলী জনাব গণশিল্পীগৰাকীক। প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ প্ৰতিমূৰ্তীস্থলীত ৰাইজৰ সহযোগত ১০ হাজাৰ বন্তি জ্বলাই সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

media school
Leave A Reply

Your email address will not be published.