আজি মিজোৰাম-ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,পুৱা ৯ বজালৈ মিজোৰামত ১৭.১৮ শতাংশ ভোটদান, ছত্তীশগড়ত ৯.৯২ শতাংশ সম্পন্ন

0 85

আজি মিজোৰাম-ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজালৈ মিজোৰামত ১৭.১৮ শতাংশ ভোটদান সম্পন্ন হয়। আনহাতে, ছত্তীশগড়ত ৯.৯২ শতাংশ ভোটদান হয় পুৱা ৯ বজালৈ। দুয়োখন ৰাজ্যত পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহৰ বাহিৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

পুৱা ৭ বজাৰ পৰা ১,২৭৫টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। ৰাজ্যখনত ১৬ গৰাকী মহিলাকে ধৰি ১৭৪ গৰাকী প্ৰাৰ্থীয়ে মুঠ ৪০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই নিৰ্বাচনত। ৰাজ্যৰ ৮,৫১,৮৯৫ গৰাকী ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে, ছত্তীশগড়ত প্ৰথম পৰ্যায়ত ২০খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। পুৱাৰে পৰা ভোটাৰ ৰাইজ ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ।ছত্তীশগড়ত মুঠ ৫,৩০৪টা ভোটকেন্দ্ৰত ৪০,৭৮,৬৮১ গৰাকী ভোটাৰে ২২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। উল্লেখ্য যে, নক্সাল প্ৰভাৱিত ১০খন জিলাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটদান অনুষ্ঠিত হ’ব, আনহাতে আন ১০খন জিলাত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান চলিব।

প্ৰথম পৰ্যায়ৰ ছত্তীশগড় নিৰ্বাচনৰ ২০টা বিধানসভা সমষ্টিৰ ভিতৰত নক্সাল প্ৰভাৱিত ১০টা বিধানসভা সমষ্টি মোহলা-মানপুৰ, অন্তগড়, ভানুপ্ৰতপপুৰ, কংকেৰ, কেশকল, কন্দগাঁও, নাৰায়ণপুৰ, দন্তেৱাদা, বিজাপুৰ আৰু কন্টা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.