আপুনিও স্মাৰ্টফোনৰ বেটাৰী ১০০ শতাংশ চাৰ্জ কৰে নেকি? তেন্তে আপুনি কৰি আছে এই মাৰাত্মক ভুল

0 176

স্মাৰ্টফোন অবিহনে আজিৰ জীৱনটো প্ৰায় অচল। এইটো কাৰণে স্মাৰ্টফোনৰ বেটাৰী সকলো সময়তে চাৰ্জ কৰি ৰখাটো অতি প্ৰয়োজনীয়। বহুতে গোটেই দিনটো কাম কৰিবলৈ প্ৰায় গোটেই ৰাতি ফোনটো চাৰ্জ কৰে। কিন্তু বেছিভাগ মানুহেই নাজানে ৰাতিটো মোবাইল চাৰ্জ কৰাটো উচিত নে ভুল!

মোবাইল নিৰ্মাতা কোম্পানীসমূহৰ মতে, ফোনটোৰ বেটাৰীৰ জীৱন কেৱল চাৰ্জৰ ওপৰত ভিত্তি কৰিয়েই নহয়। ই উষ্ণতাৰ উঠা-নমা আৰু গ্ৰাহকৰ চাৰ্জিং অভ্যাসকে ধৰি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

ফোন এটাৰ লিথিয়াম-আয়ন বেটাৰীৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ চাৰ্জ ধৰি ৰখাৰ ক্ষমতা কমি যায়। ৰাসায়নিক পদাৰ্থৰ ফলতেই এই পৰিৱৰ্তনৰ সৃষ্টি হয়। সেইবাবেই পুৰণি ফোনবোৰ বেছি দিন টিকি নাথাকে।কিন্তু এক্সট্ৰা চাৰ্জিং কৰাৰ অৰ্থ এইটো নহয় যে ফোনটো ভাল হ’ব। বৰঞ্চ উলোটা হোৱাৰ সম্ভাৱনাই প্ৰৱল।

এপলে কয় যে “আইফোনসমূহে বৰ্ধিত সময়ৰ বাবে সম্পূৰ্ণ চাৰ্জ কৰি ৰাখিলে বেটাৰীৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।” চেমচাঙকে ধৰি আন এণ্ড্ৰইড ফোন নিৰ্মাতা কোম্পানীসমূহেও একে কথাই কৈছে।  ফোনটো চাৰ্জাৰৰ লগত দীৰ্ঘ সময় বা ৰাতিটোৰ বাবে সংযোগ কৰি ৰাখিব নালাগে।

হুৱেই কোম্পানীটোৰ মতে, ‘ফোনটোৰ বেটাৰীৰ স্তৰ যিমান পাৰি মাজৰ (৩০%ৰ পৰা ৭০%) ওচৰত ৰাখিলে ফলপ্ৰসূভাৱে বেটাৰীৰ জীৱনকাল বৃদ্ধি পাব পাৰে।”

Leave A Reply

Your email address will not be published.