Chhattisgarh IED Blast: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ছত্তীশগড়ত IED বিস্ফোৰণ, আহত CRPF জোৱান 

0 156

ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে এক বৃহৎ ঘটনা সংঘটিত হৈছে। নক্সাল প্ৰভাৱিত সুকমাত এক ভয়ংকৰ IED বিস্ফোৰণ হয়। এই বিস্ফোৰণত চি আৰ পি এফৰ এজন জোৱানো আহত হয়। বিস্ফোৰণ সময়ত আহত জোৱানজন নিৰ্বাচনী কৰ্তব্যত নিয়োগ আছিল।

মাওবাদী প্ৰভাৱিত কুখ্যাত টণ্ডামাৰ্কাৰ ঘন বনাঞ্চলৰ সমীপত এই ঘটনা সংঘটিত হৈছে। চি আৰ পি এফ আৰু কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন (কোব্ৰা) ২০৬ নং বেটেলিয়নৰ এটা যৌথ দলে নিৰ্বাচনৰ সময়ত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে টণ্ডামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডা গাঁৱত অভিযান চলাইছিল। কোব্ৰা ২০৬ নং বেটেলিয়নৰ সদস্যই ভুলবশতঃ মাওবাদীয়ে ৰোপণ কৰা IEDত ভৰি দিয়ে, যাৰ ফলত বিস্ফোৰণ ঘটি তেওঁ আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে, দুদিনৰ ভিতৰত ছত্তীশগড় সংঘটিত হোৱা এইটো দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে কাংকেৰত IED বিস্ফোৰণত বৰ্ডাৰ ছিকিউৰিটু ফৰ্চৰ এজন কনিষ্টবল আৰু ভোটগ্ৰহণ দলৰ দুজন সদস্য আহত হয়। ছোটেবেঠিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰেংগাগণ্ডিৰ সমীপত নক্সালবাদীয়ে এই বিস্ফোৰণ সংঘটিত কৰে।

জোৱানসকলে তালাচীৰ বাবে যাওতে এই ঘটনা ঘটে। আহত কনিষ্টবল প্রকাশ চান্দৰ ভৰিত আঘাত পোৱাৰ বাবে ততাতৈয়াকৈ ছোটেবেঠিয়ালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁলোক বিপদমুক্ত বুলি চিকিৎসকে জনায়। ঘটনাৰ অনুসন্ধান ইতিমধ্যে অব্যাহত আছে।

media school
Leave A Reply

Your email address will not be published.