ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে নিউজিলেণ্ড, পাকিস্তানৰ আশাত পৰিল চেঁচা পানী

0 271

কালি অনুষ্ঠিত হোৱা নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ খেল খনত নিউ জিলেণ্ডে বৃহৎ জয় সাবস্ত্য কৰে। ইয়াৰ পিছতে ছেমি ফাইনেলত প্ৰায় নিজৰ স্থান নিশ্চিত কৰিছে নিউজিলেণ্ডে। শ্ৰীলংকাৰ ১৭১ ৰাণৰ Target নিউজিলেণ্ডে ২৩ অভাৰতে অৰ্জন কৰে।

নিউজিলেণ্ডৰ জয়ৰ পিছত পাকিস্তানৰ বাবে জটিল হৈ পৰিছে ছেমিফাইনেলত স্থান। এতিয়া চেমিত প্ৰবেশ কৰিবলৈ অলৌকিক জয়ৰ প্ৰয়োজন হব পাকিস্তানী দলটিক। দুয়োটা দলৰ নেট ৰাণ ৰেটৰ মাজত যথেষ্ঠ ব্যৱধান আছে নিউজিলেণ্ডৰ +০.৭৪৩ ৰ তুলনাত পাকিস্তানৰ ৰাণ ৰেট +০.০৩৬ হে মাত্ৰ।

ইতিমধ্যে ২০২৩ বিশ্বকাপত তিনিটা দলে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। চতুৰ্থ স্থানৰ বাবে নিউজিলেণ্ড পাকিস্তান আৰু আফগানিস্তানৰ মাজত প্ৰতিযোগিতা আছিল। কিন্তু নিউজিলেণ্ড শেষৰ খেল খনে আফগানিস্তান আৰু পাকিস্তানৰ আশাত চেঁচা পানী ধালিলে।

দৰাচলতে এতিয়া পাকিস্তানে বিশ্বকাপৰ ছেমিফাইনেল খেলাটো সম্ভৱ হ’ব পাৰে যদিহে পাকিস্তানে হয় অন্তিমখন খেলত ইংলেণ্ডক ২৮৭ ৰানত পৰাস্ত কৰে নাইবা ইংলেণ্ডক ১৫০ ৰানত সীমাবদ্ধ কৰি ৩.৪ অভাৰত লক্ষ্যত উপনীত হয়।

ইয়াত দ্বিতীয় সমীকৰণটো অসম্ভৱ কিন্তু প্ৰথম সমীকৰণটো সম্ভৱ। অৱশ্যে তেওঁলোকৰ বাবে প্ৰথম কথাটো গুৰুত্বপূৰ্ণ যে পাকিস্তানে টছত জয়ী হব লাগিব। দ্বিতীয়টো কাম হ’ব পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সময়ত স্ক’ৰব’ৰ্ডত কমেও ৪৫০ ৰান সংগ্ৰহ কৰিব লাগিব। আৰু তাৰ পিছত তৃতীয় কাম হ’ব ১৬০ৰ ভিতৰত ইংলেণ্ডক ৰখাই দিয়াটো। এই তিনিওটা কাম সম্ভৱ কৰিব পাৰিলে সেমিত স্থান পাব পাকিস্তানে।

media school
Leave A Reply

Your email address will not be published.