২৮ নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ  তৃতীয়খন টি-২০ মেচ, কিমান টকাৰ পৰা আৰম্ভ মেচৰ টিকট

0 234

কেইবাখনো আন্তৰ্জাতিক মেচ অনু্ঠিত কৰাৰ পিছত এইবাৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত T20 মেচ অনুষ্ঠিত কৰিবলৈ সাজু অসম ক্ৰিকেট সন্থা।

২৮ নৱেম্বৰত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ।মেচখনকলৈ উৎসুক অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটপ্ৰেমী দৰ্শক।

ইতিমধ্যে অসম ক্ৰিকেট সন্থাই মুকলি কৰিছে টিকটৰ নিৰিখ। সন্থাই প্ৰকাশ কৰা অনুসৰি ৯ নৱেম্বৰৰ পৰা দৰ্শকে সংগ্ৰহ কৰিব পাৰিব টিকট।

BOOK MY SHOW ৰ যোগে দৰ্শকে সংগ্ৰহ কৰিব পাৰিব ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ টিকট।

সন্থাই প্ৰকাশ কৰা অনুসৰি টিকটৰ সৰ্বোচ্চ মূল্য ৪হাজাৰ আৰু সৰ্বনিম্ন ৫শ টকা। অৱশ্যে ৫শ টকা শিক্ষাৰ্থী বাবেহে। অন্যহাতে সাধাৰণ শ্ৰেণীৰ টিকটৰ বাবে ৭৫০ টকা ধাৰ্য কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.