মধ্যপ্ৰদেশত নিৰ্বাচনী ৰণ,বিধানসভা নিৰ্বাচনৰ মাজতে চত্তীশগড়ৰ ধমতৰীত নক্সালবাদীৰ IEDৰে আক্ৰমণ

0 120

আজি মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ২৩০টা বিধানসভা সমষ্টিৰ পৰা ২৫৩৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়াইছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে  চত্তীশগড়ত সংঘটিত হয় এক অঘটন। চত্তীশগড়ৰ ধমতৰীৰ ভোটগ্ৰহণ কেন্দ্ৰত IEDৰে আক্ৰমণ নক্সালবাদীৰ এটা গোটে।CRPF,DRG ক লক্ষ্য কৰি IED বিস্ফোৰণ নক্সালবাদীৰ।

আনহাতে ডিমানি বিধানসভা সমষ্টিৰ ১৪৭ আৰু ১৪৮ নং ভোটকেন্দ্ৰটো সংঘটিত হৈছে হিংসাত্মক ঘটনা। এটা পক্ষই আন এটা পক্ষলৈ শিলগুটি নিক্ষেপ কৰা দেখা যায়। যাৰ ফলত এজন চিআৰপিএফ জোৱান আহত হয়।

ইতিমধ্যে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

ভোটগ্ৰহণৰ মাজতে বিজয় সুনিশ্চিত কৰিবলৈ শিৱৰাজ সিং চৌহানে মন্দিৰত প্ৰাৰ্থনা কৰাও দেখা গৈছে। তাৰ লগতে ৰাইজক মিঠাই খোৱাও দেখা গৈছে।

উল্লেখ্য যে বৰ্তমানৰ সমীক্ষা মতে ৰাজ্য খনত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই শক্তিশালী স্থিতিত আছে যদিও চি ভোটাৰৰ সমীক্ষা অনুসৰি কংগ্ৰেছৰ স্থিতি সৱল।

Leave A Reply

Your email address will not be published.