সাধাৰণ মানুহৰ বাবে সকাহ! অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস; কোনকেইটা ঔষধৰ মূল্যত পৰিৱৰ্তন?

0 248

এফালে য’ত প্ৰায় সকলো বস্তুৰ দাম বৃদ্ধি পাইছে, কিন্তু তাৰ মাজতে কিছু সকাহৰ খবৰ আহিছে। কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ দামৰ ওপৰত নিয়ন্ত্ৰণ কৰিছে। কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ঔষধ বিভাগে শেহতীয়াকৈ এটা নিৰ্দেশনাত মুঠ ৩৩টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য হ্ৰাস কৰিছে।

ঔষধৰ মূল্য হ্ৰাসৰ লগতে মূল্যৰ উচ্চ সীমাও নিৰ্ধাৰণ কৰা হৈছে। মূল্য হ্ৰাস হোৱা ঔষধৰ তালিকাত থকা আধাতকৈ অধিক ঔষধ মধুমেহ, ৰক্তচাপ, হৃদযন্ত্ৰ, কলেষ্টেৰ’ল, লিপিড নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হয়। দীৰ্ঘদিনীয়া কাম কৰা ইনচুলিন গ্লাৰ্জিনৰ লগতে বিষৰ ঔষধ, এন্টিবায়টিক, ভিটামিন, বমি আৰু গেছৰ ঔষধও এই তালিকাত আছে।

এই ঔষধসমূহৰ মূল্য গড়ে ৩০ৰ পৰা ৫০ শতাংশ হ্ৰাস পাইছে। এই তালিকাত ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা মেট’প্ৰ’লল, টেলমিছাৰটান, কিলনিডিপিনৰ সংমিশ্ৰণ অন্তৰ্ভুক্ত কৰা হৈছে।

Diabetesনিয়ন্ত্ৰণৰ বাবে ভিডাগ্লিপ্টিন আৰু মেটফৰ্মিনৰ সংমিশ্ৰণৰ মূল্য হ্ৰাস পোৱাৰ উপৰিও কলেষ্টেৰ’ল আৰু লিপিড প্ৰফাইল বজাই ৰখাত সহায় কৰা এটৰভাষ্টেটিনৰ বিভিন্ন সংমিশ্ৰণৰ দামও যথেষ্ট হ্ৰাস পাইছে। মূল্য হ্ৰাসৰ তালিকাত ৰ’ছুভাষ্টেটিন, ক্লপিড’গ্ৰেল, চিটাগ্লিপ্টিন, লিনাগ্লিপ্টিন আৰু মেটফৰ্মিন আদি ঔষধৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিটো টেবলেট আৰু কেপচুলৰ মূল্য প্ৰায় ৮ টকাৰ পৰা ৩২ টকা পৰ্যন্ত ৰখা হৈছে। ইনচুলিনৰ ক্ষেত্ৰত বেজীৰ মূল্য ৪ টকাৰ পৰা ৫৮৭ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। 

media school
Leave A Reply

Your email address will not be published.