যিসকল পেঞ্চনাৰে এতিয়াও Life Certificate জমা দিয়া নাই তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ এই খবৰ

0 754

নৱেম্বৰ মাহৰ ভিতৰত বহু পেঞ্চনাৰে নিজৰ জীৱন প্ৰমাণ দাখিল কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰৰ সংখ্যা প্ৰায় ৬৯.৭৬ লাখ ইয়াৰ বাহিৰেও ৰাজ্য চৰকাৰ আৰু অন্যান্য সংগঠনৰ পেঞ্চনাৰ আছে। কিন্তু এতিয়াও জীৱন প্ৰমাণ পত্ৰ জমা নিদিয়া পেঞ্চনাৰ বহুত আছে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। এতিয়া পেঞ্চনাৰসকলে ঘৰতে বহি সহজেই জীৱন প্ৰমাণ পত্ৰ জমা দিব পাৰিব।জীৱন প্ৰমাণ পত্ৰ সহজে জমা দিব পৰাকৈ আছে ৫ টা উপায়

মুখৰ প্ৰমাণীকৰণ-চৰকাৰে এতিয়া জীৱন প্ৰমাণ জমা দিয়াৰ বাবে ফেচ অথেণ্টিকেচন অৰ্থাৎ মুখৰ প্ৰমাণীকৰণ প্ৰযুক্তি প্ৰৱৰ্তন কৰিছে। আপুনি android স্মাৰ্টফোন ব্যৱহাৰ কৰি জীৱন প্ৰমাণ জমা দিব পাৰে। ডিজিটেল লাইফ চাৰ্টিফিকেট হৈছে পেঞ্চনাৰসকলৰ বাবে ডিজাইন কৰা এক বায়’মেট্ৰিক সক্ষম ডিজিটেল সেৱা।

Google Play Store ৰ পৰা পেঞ্চনাৰসকলে নিজৰ ফোনত আধাৰ ফেচ আইডি ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব। জীৱন প্ৰমাণ এপ্লিকেচনটোও ডাউনলোড কৰিব লাগিব।

পোষ্ট পেমেন্ট ব্যাংক -ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিয়াৰ বাবে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (ভাৰতীয় পোষ্ট পেমেণ্ট বেংক) ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। তেতিয়া ডাকঘৰৰ মানুহে আপোনাৰ ঘৰলৈ আহি জীৱনৰ প্ৰমাণ পত্ৰ জমা দিব পাৰিব। ২০২০ চনত পোষ্টমেনৰ জৰিয়তে ডুৰ ষ্টেপ সেৱা আৰম্ভ কৰা হয়। যদি আপুনি মোবাইলৰ সহায়ত এই সুবিধা লাভ কৰিব বিচাৰে তেন্তে PostInfo App ডাউনলোড কৰিব পাৰে। পেঞ্চনাৰসকলে আধাৰ নম্বৰ, মোবাইল নম্বৰ, বেংক বা ডাকঘৰৰ একাউণ্ট নম্বৰ আৰু পিপিঅ’ নম্বৰ দিব লাগিব।

জীৱন প্ৰমাণ পৰ্টেল-জীৱন প্ৰমাণ পৰ্টেলৰ জৰিয়তে লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব। ইয়াৰ বাবে আপুনি জীৱন প্ৰমাণ এপটো ডাউনলোড কৰিব লাগিব। UIDAIৰ সঁজুলি ব্যৱহাৰ কৰিও আপুনি আপোনাৰ আঙুলিৰ ছাপ জমা দিব পাৰে। ফিংগাৰপ্ৰিণ্ট ৰিডাৰক স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিবলৈ অ’টিপি কেবল ব্যৱহাৰ কৰিব লাগিব।

ডুৰ ষ্টেপ বেংকিং-বেংকলৈ যাব নোৱাৰা পেঞ্চনাৰসকলে নিজৰ ঘৰৰ দুৱাৰমুখৰ বেংকিং সেৱাৰ সুবিধা ল’ব পাৰিব। ড’ৰ ষ্টেপ বেংকিঙত বেংকৰ বিষয়াজনে ঘৰলৈ গৈ পেঞ্চনাৰজন জীয়াই আছে নে নাই পৰীক্ষা কৰে। ষ্টেট বেংকে ৭০ বছৰৰ ওপৰৰ পেঞ্চনাৰ আৰু শাৰীৰিকভাৱে অসুস্থসকলক এই সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে কে ৱাই চিৰ প্ৰয়োজন লগতে বৈধ মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব।

media school
Leave A Reply

Your email address will not be published.