ভাৰতীয় ক্ৰিকেটত যুগ পৰিৱৰ্তন!অৱসৰ লোৱাৰ পৰকল্পনা ৰোহিত শৰ্মাৰ

0 3,867

এদিনীয়া বিশ্বকাপ ফাইনেলত পৰাস্ত হোৱাৰ পিছত চূড়ান্ত হতাশ হৈছিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। বৰ্তমান পৰিয়ালৰ সৈতে সময় কটাইছে ৰোহিত শৰ্মাই। ইয়াৰ মাজতে ৰোহিত শৰ্মাৰ ভৱিষ্যদ্বাণীক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা।

India’s captain Rohit Sharma celebrates after scoring a half-century (50 runs) during the Asia Cup 2023 super four one-day international (ODI) cricket match between India and Pakistan at the R. Premadasa Stadium in Colombo on September 10, 2023. (Photo by FAROOQ NAEEM / AFP) (Photo by FAROOQ NAEEM/AFP via Getty Images)

জনিব পৰা মতে, শীঘ্ৰে অৱসৰ ল’ব ৰোহিত শৰ্মাই। টেষ্ট আৰু অ’ডিআই ক্ৰিকেট খেলিলেও কেৱল টি-২০ ক্ৰিকেটৰ পৰা আঁতৰি আহিব পাৰে ৰোহিত। বিচিচিআইৰ সূত্ৰে এই খবৰ পোহৰলৈ অহাৰ পিছতে আলোড়ন সৃষ্টি হৈছে ভাৰতীয় ক্ৰিকেটত।

বিচিচিআইৰ সূত্ৰ পৰা জানিব পৰা মতে, এইবাৰৰ অ’ডিআই বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ সৈতে বৈঠক বহিছিল ৰোহিত। তেওঁ নিজেই টি-২০ ফৰ্মেটৰ পৰা বিদায় লোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

ইয়াৰ উপৰি নাম প্ৰকাশত অনিচ্ছুক ব’ৰ্ডৰ এগৰাকী কৰ্মকৰ্তাই জনাইছে, ৰাষ্ট্ৰীয় দলৰ কেৱল টেষ্ট আৰু অ’ডিআই ফৰ্মেটত খেলিব বিচাৰে ৰোহিতে। তেওঁ আৰু কিছু বছৰ আন্তৰ্জাতিক ক্ৰিকেট খেলিব বিচাৰে। সেইবাবেই টি-২০ ফৰ্মেটত থাকিব বিচৰা নাই।ৰোহিত শৰ্মাৰ টি-২০ৰ পৰা অৱসৰৰ জল্পনাই আৰু অধিক মাত্ৰা পাইছে কাৰণ ২০২২ টি-২০ বিশ্বকাপৰ পিছৰে পৰা আৰু কোনো আন্তৰ্জাতিক টি-২০ মেচ খেলা নাই ৰোহিত শৰ্মাই। ফলত আগন্তুক বৰ্ষত টি-২০ বিশ্বকাপত পুনৰ ৰোহিতে খেলিবনে নাই তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নৰ।

ৰোহিত শৰ্মাৰ টি-২০ৰ পৰা অৱসৰৰ জল্পনা-কল্পনা পোহৰলৈ অহাৰ সময়তে পৰৱৰ্তী অধিনায়ক কোন হ’ব পাৰে তাক লৈও চৰ্চা চলিছে। আগন্তুক জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত আয়োজিত হ’ব টি-২০ বিশ্বকাপ।ৰোহিতৰ অৱসৰৰ চৰ্চা সঁচা হ’লে টি-২০ ফৰ্মেটৰ বাবে নতুন অধিনায়ক পাব ভাৰতীয় দলে। যদিও ইয়াক লৈ ৰোহিতে কোনো মন্তব্য কৰা নাই। ফলত এয়া এতিয়াও জল্পনা-কল্পনাতে আছে।

ৰাষ্ট্ৰীয় দলৰ হৈ ১৪৮খন টি-২০ মেচ খেলিছে ৰোহিত শৰ্মাই। তেওঁৰ মুঠ ৰান ৩৮৫৩ আৰু ষ্ট্ৰাইক ৰেট প্ৰায় ১৪০। আন্তৰ্জাতিক টি-২০ মেচত চাৰিটা শতৰান কৰিছে ৰোহিত শৰ্মাই। তেওঁৰ অৰ্ধশতৰানৰ সংখ্যা ২৯টা। সৰ্বাধিক স্ক’ৰ ১১৮।

Leave A Reply

Your email address will not be published.