আজি ৰাস পূৰ্ণিমা। কেতিয়াৰ পৰা আৰম্ভ হ’ব ৰাস পূৰ্ণিমাৰ তিথি?

0 1,202

 আজি ৰাস পূৰ্ণিমা। শৰতৰ পূৰ্ণিমাৰ শুভ্ৰ জোনাকৰ পোহৰত শ্ৰীকৃষ্ণৰ ভক্তি ৰসত গুঞ্জৰিত হ’ব ৰাজ্যৰ আকাশ বতাহ। শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ পোহৰতেই ভগবন্ত শ্ৰীকৃষ্ণই গোপী সকলৰ লগত লীলা কৰিছিল।


ৰাস পূৰ্ণিমাত ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰা হয়। এই পূৰ্ণিমাত সত্যনাৰায়ণ ব্ৰতো ৰখা দেখা যায় বহু ভক্তক। এই দিনটোত ভক্তসকলে উপবাসে থাকি ভগৱান শ্ৰীকৃষ্ণ নাৰায়ণক পূজা কৰে। ৰাস পূৰ্ণিমা আৰম্ভ হ’ব ৯ আঘোণ (২৬ নৱেম্বৰ), দেওবাৰে বিয়লি ৩.৫৩ বজাত আৰু এই তিথিৰ অন্ত পৰিব সোমবাৰ ১০ আঘোম (২৭ নৱেম্বৰ), দুপৰীয়া ২:৪৫ বজাত।

ভগৱান শ্ৰীকৃষ্ণৰ এই লীলাৰ আধাৰত অনুষ্ঠিত ৰাস উৎসৱ আজিৰে পৰা ৰাজ্যৰ সত্ৰ, নামঘৰ সমূহত আৰম্ভ হ’ব। চৌদিশে মুখৰিত হ’ব কৃষ্ণ নাম।  ৰাজ্যৰ বিভিন্ন সত্ৰ আৰু গাঁও সমূহৰ নামঘৰত অনুষ্ঠিত হবলগীয়া ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

সমান্তৰালকৈ আজিৰে পৰা মাজুলীতো ১৮৪ বছৰীয়া পৰম্পৰাৰে আৰম্ভ হৱ ৰাস। মাজুলীত এতিয়া উদুলি মুদুলি পৰিবেশ । পুৱাৰ পৰাই মাজুলীৰ সত্ৰানুষ্ঠান সমূহত আধ্যাত্মিক পৰিবেশেৰে  হৰিনামেৰে উদুলি মুদুলি হৈ পৰিছে।  দ্বিতীয় গকুল বৃন্দাবনলৈ পৰ্যবসিত হৈছে মাজুলীৰ পৰিৱেশ। খোল–বাঁহীৰ মাতত সত্ৰ আৰু ৰংগমঞ্চসমূহ উদুলি–মুদুলি পৰিৱেশ।

Leave A Reply

Your email address will not be published.