এইবাৰ খেলপথাৰত নহয়, ৰাজপথত ভগৱান হৈ আহিল মহম্মদ ছামী

0 1,726

 এইবাৰ খেলপথাৰত নহয়, ৰাজপথত ত্ৰাণকৰ্তাৰ ৰূপত আহিল মহম্মদ ছামী। ২০২৩ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰ সকলোৰে হৃদয় জিনা মহম্মদ ছামী এইবাৰ দেৱদূত হৈ আহিল এজন দূৰ্ঘটনাগ্ৰস্ত পথৰুৱাৰ বাবে। ক্ৰিকেটাৰগৰাকীয়ে ৰক্ষা কৰিলে এজন লোকৰ প্ৰাণ

বাহনসহ দ খাৱৈত পৰিছিলগৈ অচিনাক্ত লোকজন। নাইনিতালত পাহাৰৰ পৰা দ’ খাৱৈত পৰিছিল এজন লোক। তেনে সময়তে লগে লগে তেওঁ নিজা বাহনৰ পৰা নামি দুৰ্ঘটনাত পতিত বাহনখনৰ চালকজনক উদ্ধাৰ কৰে আৰু লোকজনক উদ্ধাৰ কৰি সহায়ৰ হাত আগবঢ়ায় ক্ৰিকেটাৰজনে আহত লোকজনক ।

এই কাৰ্যৰ বাবে ছামীক এতিয়া প্ৰশংসাৰে ওপচাইছে বহুজনে। সমগ্ৰ ঘটনাৰ সৱিশেষ বৰ্ণনা কৰি ছামিয়ে ইনষ্টাগ্ৰামত লিখিছে, ”তেওঁ বহু ভাগ্যৱান। ঈশ্বৰে তেওঁক দ্বিতীয় জীৱন দিছে। তেওঁৰ বাহনখন নাইনিতালৰ কাষৰ পাহাৰীয়া পথত মোৰ বাহনৰ সন্মুখতে আছিল। আমি তেওঁক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছো।”

Leave A Reply

Your email address will not be published.