নেপালত উভতি ববলৈ লৈছে নৈ! গণতন্ত্ৰ নালাগে, লাগে ৰজাৰ শাসন
প্ৰতিবাদত জ্বলিছে নেপাল। পুনৰ ৰাজতন্ত্ৰ উভতাই অনাৰ দাবীৰে প্ৰতিবাদত উত্তাল হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। শেহতীয়াকৈ প্ৰতিবাদে ল’লে চূড়ান্ত ৰূপ। ৰাজধানী চহৰ কাঠমাণ্ডুত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে সংঘৰ্ষত লিপ্ত হ’ল উন্মত্ত প্ৰতিবাদকাৰী। উন্মত্ত প্ৰতিবাদীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। আৰক্ষীক ওভটি ধৰে প্ৰতিবাদকাৰীয়েও। আৰক্ষী- প্ৰতিবাদকাৰীৰ এই উখনা উখনিৰ মাজতে আহত হয় ৫ গৰাকী আৰক্ষী সহ ৩০ গৰাকীকৈ প্ৰতিবাদকাৰী।
নেপালত ২০০৮ চনলৈকে ২৩৯ বছৰ ধৰি চলি আছিল ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰৰ সময়ছোৱাতে দেশখনৰ গঢ় লৈ উঠিছিল মাওবাদী আন্দোলন। মাওবাদীক নিয়ন্ত্ৰণৰ নামত ১৯৯৬-২০০৬ চনৰ ভিতৰত নেপাল নৃপতিৰ অধীনত থকা দেশখনৰ বিশেষভাৱে নিৰ্বাচিত বিধানসভাৰ শাসনত প্ৰায় ১৭,০০০ লোকৰ মৃত্যু হৈছিল।
অৱশেষত মাওবাদী বিদ্ৰোহৰ অন্ত পেলাই মাওবাদী নেতা প্ৰচণ্ড কথা পুষ্প কমল দাহালৰ নেতৃত্বত নেপালত প্ৰথমবাৰৰ বাবে গঠন হৈছিল গণতান্ত্ৰিক চৰকাৰ। কিন্তু দেশখনৰ গণতান্ত্ৰিক চৰকাৰক সদায়ে অস্থিৰতাই খেদি ফুৰিছে। যোৱা ১৫ বছৰত সলনি হৈছে ১০ খনতকৈও অধিক চৰকাৰ।
কেইবাবাৰো উত্থান পতনৰ অন্তত বৰ্তমান পুনৰ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে দেশখনৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী প্ৰচণ্ড তথা পুষ্প কমল দাহালে। এইবাৰ ৰাজতন্ত্ৰৰ অন্ত পেলাই গণতান্ত্ৰিত চৰকাৰ প্ৰতিষ্ঠাৰে নেপালৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হোৱা প্ৰচণ্ডৰ নেতৃত্বৰ সময়তে দেশখনত পুনৰ দেখা হৈছে ৰাজতন্ত্ৰ উভতাই অনাৰ বাবে প্ৰতিবাদ।
নেপালৰ এই ৰাজনৈতিক অস্থিৰতাৰ আঁৰতো আছে জি’অ পলিটিক্সৰ কুটিল পাক চক্ৰ। নেপালৰ ওপৰত প্ৰভূত্ব বিস্তাৰৰ বাবে সদায়ে চেষ্টা কৰি আহিছে দক্ষিণ পূব এছিয়াৰ দুই প্ৰতিদ্বন্দ্বী চীন-ভাৰত। দুই শক্তিধৰ দেশৰ টনা-আজোৰাতো নেপালত সৃষ্টি হৈ আহিছে ৰাজনৈতিক অস্থিৰতা।