বলীউডৰ পৰা সন্যাস নে গাদীৰ লালসা!অচিৰেই সক্ৰিয় ৰাজনীতিত যোগ দিব বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট

0 1,381

সততেই বিতৰ্কৰ মাজত নাম সাঙুৰ খোৱা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটক লৈ পুনৰ আৰম্ঙ হৈছে চৰ্চা। পিছে এইবাৰ অভিনেত্ৰীগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰকলৈ হে আৰম্ভ হৈছে চৰ্চা।

সক্ৰিয় ৰাজনীতি  দিশে অগ্ৰসৰ হৈছে বলিউডৰ জনপ্ৰিয়  অভিনেত্ৰী কংগনা ৰাণাৱট। বিভিন্ন সময়ত নিজৰ মতামতৰ বাবে চৰ্চা লাভ কৰা অভিনেত্ৰী গৰাকীয়ে এইবাৰ চৰ্চা বুটলিব ৰাজনীতিত। যিহেতু কংগনা ৰাণাৱটৰবিজেপিৰ সৈতে  আছে  এক সু-সম্পৰ্কে গতিকে বিজেপিৰ এক উচ্চস্তৰে কংগনাক পৰৱৰ্তী নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে।

অহা বছৰৰ লোকসভা নিৰ্বাচনত চণ্ডীগড়ৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে কংগনাৰ। দলটোৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰী কৰামতে চণ্ডীগড়ত এইবাৰো বাহিৰৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে।

বৰ্তমান চণ্ডীগড় সমষ্টিৰ সাংসদ হ’ল কিৰণ খেৰ। ইতিমধ্যে চণ্ডীগড়ত বাসগৃহও ক্ৰয় কৰিছে কংগনা ৰাণাৱটে।একপ্ৰকাৰ নিৰ্বাচনৰ নিজকে সম্পূৰ্ণ সাজু কৰিছে কংগণাই।এতিয়া সময়েহে নিৰ্ধাৰণ কৰিব কংগনাৰ ভাগ্য।

media school
Leave A Reply

Your email address will not be published.