কাঠবাদামৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

0 432

আমাৰ সকলোৰে পছন্দৰ এবিধ শুকান ফল হৈছে কাঠবাদাম। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।ই পুষ্টিৰ এক উৎকৃষ্ট উৎস। কাঠবাদামত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে।ই প্ৰ’টিন আৰু ভিটামিন-ইৰো এক উত্তম উৎস কাঠবাদাম।কাঠবাদাম আঁহৰেও সমৃদ্ধ।কাঠবাদাম ৰাতি তিয়াই থৈ পুৱা খালে ই শৰীৰৰ পক্ষে অতি উপকাৰী(Health Benefits of Almonds )।

কাঠবাদাম খালে স্মৃতিশক্তি দ্ৰুত হোৱাৰ লগতে বহু শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াক দৈনিক গ্ৰহণ কৰি আপুনি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰে। তিয়াই থোৱা কাঠবাদামে শুকান কাঠবাদামৰ তুলনাত এনজাইম মুকলি কৰাত বেছিকৈ সহায় কৰে(Benefits of Eating Almonds)।

ওজন নিয়ন্ত্ৰক

কাঠবাদাম খোৱাটোৱে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি কৰি ৰাখে আৰু দীঘলীয়া সময়ৰ বাবে আপোনাক ভোক অনুভৱ হ’বলৈ নিদিয়ে। সেয়েহে আপুনি আপোনাৰ আহাৰত বাদাম অন্তৰ্ভুক্ত কৰি ওজন হ্ৰাস কৰিব পাৰে।

দৃষ্টিশক্তি বৃদ্ধিৰ কাৰক

কাঠবাদামত থকা ভিটামিন ই দৃষ্টিশক্তি বৃদ্ধি কৰাত যথেষ্ট সহায়ক।কাঠবাদামে চকু সম্পৰ্কীয় সকলো সমস্যাৰ পৰা পৰিত্ৰান দিয়াতো সহায় কৰে। দৈনিক কাঠবাদাম আৰু মিচিৰি খোৱাটোৱে দৃষ্টিশক্তি বৃদ্ধি কৰে।

স্মৃতিশক্তি শক্তিশালী

প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা কাঠবাদাম খালে স্মৃতিশক্তি তীক্ষ্ণ হয়। ইয়াত যথেষ্ট পৰিমাণে প্ৰ’টিন থকাৰ বাবে ই মস্তিষ্কৰ কোষবোৰ মেৰামতি কৰাত সহায় কৰে।তদুপৰি, ইয়াত পোৱা অমেগা ৩ ফেটি এচিড আৰু ভিটামিন ইয়ে মগজুক দ্ৰুত কৰে।

হজমৰ বাবে সৰ্বশ্ৰেষ্ঠ

দৈনিক কাঠবাদাম খালে আপুনি কেতিয়াও কোষ্ঠকাঠিন্য সমস্যাৰ সন্মুখীন নহয়। ই আমাৰ অন্ত্ৰত স্বাস্থ্যকৰ বেক্টেৰিয়াৰ সৃষ্টি কৰে, যি খাদ্য হজম কৰিবলৈ আৰু শৰীৰক যিকোনো ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে।

হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিব

কলেষ্টেৰলৰ স্তৰ সঠিক কৰি ৰখাত কাঠবাদাম বহু উপকাৰী। ইয়াত পোৱা ভিটামিন ই-য়ে হৃদযন্ত্ৰক অসুস্থ হোৱাৰ পৰা সুৰক্ষিত কৰে। প্ৰতিৰাতি ৰাতিপুৱা তিয়াই থোৱা কাঠবাদাম খালে ই হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰক্ত সঞ্চালনো সঠিক কৰি ৰাখে।

media school
Leave A Reply

Your email address will not be published.