জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ,শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ

0 3,768

জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰি ৰখা ৰায় আজি ঘোষণা কৰিছে।

এই গোচৰটোৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয়, যুদ্ধৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত সেই সময়ত অনুচ্ছেদ ৩৭০ৰ ব্যৱস্থা কৰা হৈছিল। এয়া এক অস্থায়ী ব্যৱস্থা আছিল। কেন্দ্ৰীয় চৰকাৰে সঠিক প্ৰক্ৰিয়াৰে ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জম্মু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ন্যায়ালয়ে নিৰ্বাচন আয়োগক জম্মু কাশ্মীৰত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, নিৰ্বাচন বেছি দিন স্থগিত ৰাখিব নোৱাৰি। সেয়ে ন্যায়ালয়ে ২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক পুনৰ জম্মু-কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা দিবলৈও কয়।

media school
Leave A Reply

Your email address will not be published.