পুনৰ উতপ্ত হৈ পৰিছে মণিপুৰ…

0 3,895

মণিপুৰত পুনৰ সৃষ্টি হৈছে উতপ্ত পৰিস্থিতিৰ: শান্তি চুক্তিৰ নামত মেইটেই সংগঠন নামি পৰিছে কুকি নিধন যজ্ঞত !

পুনৰ উতপ্ত হৈ পৰিছে মণিপুৰ। যোৱা প্ৰায় এমাহে মণিপুৰলৈ কিছু শান্তি ঘূৰি আহিছিল যদিও পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত। দুটা গোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ অগণিয়ে দহি থকা মণিপুৰক পুনৰ ৰক্তাক্ত কৰাৰ অভিযোগ উঠিছে শেহতীয়াকৈ শান্তি চুক্তি কৰা বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ বিৰুদ্ধে।

নৱেম্বৰত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত শান্তি চুক্তি স্বাক্ষৰ কৰিছিল মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ সংগঠনৰ ইউ এন এল এফে। এই শান্তি চুক্তিৰ পিছতে কুকিসকলে সন্দেহ কৰিছিল মণিপুৰৰ হিংসাৰ আঁৰত এই সংগঠনৰ হাত আছে।

কুকিসকলে এতিয়া সেই সন্দেহেই সত্য প্ৰমাণিত হ’ল বুলি দাবী কৰিছে। মণিপুৰৰ চুৰাচান্দপুৰসহ কেইবাখনো জিলাত সশস্ত্ৰ মেইটেই গোটে আক্ৰমণ কৰি পুনৰ ৰক্তাক্ত কৰিছে।

৬০ ৰ দশকত স্বাধীন আৰু সাৰ্বভৌম মেইটেই ৰাষ্ট্ৰৰ দাবীৰে প্ৰতিষ্ঠা লাভ কৰিছিল ইউ এন এল এফে। বৰ্তমান এই সংগঠনটোৰ নেতৃত্ব দিছে মণিপুৰী ৰাজবংশৰ বংশধৰ আৰ কে মেঘেন ওৰফে ছানা য়াইমা আৰু এসময়ৰ জনপ্ৰিয় মণিপুৰী গায়িকা আৰু সংগীতজ্ঞ নংমাইথেন পাহাৰীয়ে।

এই উগ্ৰপন্থী দলটোক মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। শেহতীয়া অভিযোগ অনুসৰি প্ৰায় এমাহ ধৰি শান্ত হ’বলৈ ধৰা মণিপুৰত পুনৰ হিংসাৰ জুই জলি উঠিছে।

এই কাৰ্য সংঘটিত কৰিছে গৃহমন্ত্ৰীৰে তথাকথিত শান্তি চুক্তি কৰা মেইটেই বিদ্ৰোহী সংগঠন ইউ এন এল এফসহ বহু কেইটা মেইটেই সংগঠনে। ইয়াৰ মাজতে মণিপুৰৰ হিংসাত প্ৰাণ আহুতি দিয়া কুকি-জো সকলৰ ৮৭ গৰাকীক গণ কবৰ দিয়া হ’ল।

এই ৮৭ টা মৃতদেহৰ ভিতৰত আছিল এটি এমহীয়া শিশুও। কেইবামাহৰ পূৰ্বেই মৃত্যু হোৱা এই এমহীয়া শিশুটিৰ মৃতদেহ পৰি আছিল হাস্পতালত।

media school
Leave A Reply

Your email address will not be published.