কাল ক’ৰোনা,পুনৰ কোভিডে অকালতে কাঢ়ি নিলে জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তক

0 6,206

জনপ্ৰিয় তামিল অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্ত আৰু নাই। কভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

কোৰোনাত আক্ৰান্ত হৈ চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল বিজয়কান্ত। হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে নিউম’নিয়া ৰোগতো আক্ৰন্ত হৈছিল তেওঁ। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল আৰু বৃহস্পতিবাৰে পুৱা সেই চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অভিনেতা জনৰ।

বিজয়কান্ত আছিল ডি এম ডি কেৰ প্ৰতিষ্ঠাপক। মৃত্যুৰ সময়লৈকে তেওঁ এই দলটোৰ মূৰব্বী হিচাপে আছিল। ইফালে বোলছবি জগতত কৰা অভিনয়ৰ জৰিয়তে দক্ষিণ ভাৰতীয় লোকৰ হৃদয়ত স্থান লাভ কৰা বিজয়কান্ত অনুৰাগীসকলৰ মাজত কেপ্টেইন নামেৰে জনপ্ৰিয় হৈছিল।

কোভিড আক্ৰান্ত হোৱাৰ পূৰ্বে তেওঁ নৱেম্বৰ মাহত উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছত তেওঁ হাস্পতালত গৈ চিকিৎসাধীন হৈছিল যদিও সুস্থ হৈ পুনৰ ঘূৰি আহিছিল। কিন্তু এইবাৰ কোভিড আৰু নিউম’নিয়া ৰোগত আক্ৰান্ত হোৱাত পুনৰ সুস্থ হৈ নুঠিল বিজয়কান্ত।

media school
Leave A Reply

Your email address will not be published.