জোঁৱাই শ্ৰীৰামলৈ মা সীতাৰ মাতৃগৃহ নেপালৰ জনকপুৰৰ পৰা ট্ৰাক ভৰি আহিছে বিশাল বস্তুভাণ্ডাৰ,কি আছে এই বিশেষ উপহাৰৰ টোপোলাত?

0 8,486

সীতাৰ মাতৃগৃহ জনকপুৰৰ পৰা বৃহৎ উপহাৰৰ টোপোলা লৈ অযোধ্যাত উপস্থিত হ’ল জনকপুৰবাসী।ট্ৰাক ভৰি আহিছে বিশাল বস্তুভাণ্ডাৰ। মিঠাই, আভূষণ বস্ত্ৰৰ লগতে গাড়ী ভৰি আহিছে ফল-মূল আৰু পূজাৰ বিভিন্ন সামগ্ৰী। জনকপুৰৰ পৰা আহি ৰামভূমিত উপস্থিত শ শ ৰামভক্ত। ৰাম মন্দিৰ ন্যাসৰ মহাসচিব চম্পট ৰায়ে গ্ৰহণ কৰিছে এই বিশাল বস্তুভাণ্ডাৰ।

মা সীতাৰ মাতৃগৃহ জনকপুৰৰ পৰা তেওঁৰ শহুৰৰ ঘৰ অযোধ্যা আহি পাইছে গৃহস্থীৰ সামগ্ৰী। ২২ জানুৱাৰীত ৰামলালাক প্ৰতিষ্ঠা কৰাৰ শুভ মুহূৰ্তত গৃহ প্ৰৱেশৰ প্ৰথা পালন কৰিব নেপালৰ জনকপুৰৰ ৰাইজে।

নেপালৰ জনকপুৰ ধামৰ পৰা মা সীতাৰ বাবে এক বৃহৎ বস্তুভাণ্ডাৰ লৈ অযোধ্যাত আহি উপস্থিত হৈছে ৫০০ লোক। এই বস্তুভাণ্ডাৰৰ উপহাৰ টোপোলাত ফল-মূল, শাক-পাচলি, চাউল-তেল, ধন-আ-অলংকাৰ, মিঠাইৰ পৰা সকলো বস্তুয়ে আছে।

অযোধ্যালৈ জনকপুৰৰ পৰা বহুকেইগৰাকী মহিলাও আহিছে আৰু তেওঁলোকে নিজকে মা সীতাৰ সখী বুলি পৰিচয় দিছে আৰু কৈছে যে তেওঁলোকে মা সীতাৰ বাবে মাতৃগৃহৰ পৰা উপহাৰৰ টোপোলা আনিছে। নেপালৰ পৰা অহা লোকসকলে গীত-নৃত্যৰে অযোধ্যাত আনন্দত আত্মহাৰা হৈ পৰিছে। তদুপৰি, নেপালৰ জনকপুৰৰ পৰা আহিছে ৰূপৰ কিছু বিশেষ আভূষণ, যিবোৰ মা সীতাৰ বাবে অনা হৈছে।

media school
Leave A Reply

Your email address will not be published.