লাখ-লাখ ৰেচন কাৰ্ডৰ উপভোক্তালৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা,কেৱল চাউলে নহয় এতিয়াৰে পৰা লাভ কৰিব আৰু বহুতো সুবিধা

0 522

ৰাজ্যৰ লাখ-লাখ লোকলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ। ভোগৰ ভোগালীত ৰাজ্যত ১০ লাখ ৭৩ হাজাৰ ৪৭৯খন নতুন ৰেচন কাৰ্ড বিতৰণ হ’ব। ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰেচন কাৰ্ডৰ বিতৰণ। নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভূক্ত হৈছে ৪২,৮৫,৭৪৫ লোক। সমষ্টি সমষ্টিয়ে প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰেচন কাৰ্ড।

ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল চাউলে নহয় এতিয়াৰে পৰা লাভ কৰিব আৰু বহুতো সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব উজ্জ্বলা গেছৰ সংযোগ। লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও।

আয়ুষ্মান কাৰ্ডৰ সুবিধাও লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকতাৰীয়ে। আয়ুষ্মান কাৰ্ড নোপোৱালৈকে ৰেচন কাৰ্ড দেখুৱালেই হ’ব লাভ কৰিব এই সুবিধা।

উল্লেখ্য যে, আয়ুষ্মান কাৰ্ডৰ জড়িয়তে ৫ লাখ টকালৈ বিনামূলীয়া হাস্পতালৰ চিকিৎসাৰ খৰচ লাভ কৰে হিতাধিকাৰীসকলে। ৪ লাখ উপাৰ্জনৰ তলৰ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা।

media school
Leave A Reply

Your email address will not be published.