মই যাওঁগৈ, আপোনালোকে মোক নাপাহৰিব;অশ্ৰুসিক্ত নয়নেৰে আনুষ্ঠানিক ভাৱে বিদায় ল’লে IPSআনন্দ মিশ্ৰই

0 3,353

আনুষ্ঠানিকভাৱে লখিমপুৰৰ পৰা বিদায় মাগিলে SP আনন্দ মিশ্ৰই। লখিমপুৰ এৰাৰ পূৰ্বে বিদায় সভাত আৱেগিক হৈ পৰিল SP আনন্দ মিশ্ৰই। লখিমপুৰৰ পৰাই আইপিএছ যাত্ৰাৰ অন্ত পেলালে আই পি এছ আনন্দ মিশ্ৰই।

আৱেগিক আনন্দ মিশ্ৰই কয়, ‘মই জন্ম হৈছিলো আৰক্ষী হ’বৰ বাবেই। কিন্তু এই জবত ৰিটায়াৰমেণ্ট থাকেই। মই অলপ আগতীয়াকৈ ল’লো। মই বিগত সময়ছোৱাত যি কাম কৰিছো সেই কামক লৈ মই চেটিছফাইড। মোৰ কামৰ ষ্টাইল অলপ বেলেগ। বহুতে কয় মই ফিল্মী ষ্টাইলত কাম কৰো। বহুতে বেয়া পায়। কিন্তু কি কৰিম মই এনেকৈয়ে কাম কৰো। মোৰ ষ্টাইল এয়া। মই যি সেয়াই মোৰ চৰিত্ৰত ফুটি উঠে। নিজকে মই কৃত্ৰিম ৰূপত কাকোৱেই দেখুৱাব নোখোজো। নিজে বিচৰাধৰণে জীৱনটো জীয়াই থাকক। ফেক অৰা লৈ নুফুৰিব। এতিয়া মোৰ মন গৈছে সেয়ে মই এনেকৈয়ে জীয়াব খোজো। সকলোৰে নিজৰ ভাললগা কাম থাকে। মই মানুহৰ সৈতে কথা পাতি ভালপাঁও। মানুহৰ সৈতে সময় কটাই ভালপাওঁ। মই এইক্ষেত্ৰত SOP মানি কাম কৰিব নোৱাৰো। বিহাৰ মোৰ মা আৰু অসম মোৰ মাহী। মই বিহাৰলৈ গ’লেও অসমক কেনেকৈ পাহৰিম। মাৰ পাছতেই মাহীৰ স্থান থাকে। বিহাৰৰ বাবে অৰ্থাৎ মোৰ মাৰ বাবে মই কিবা অলপ কৰিব খোজো। মই নিজে আই পি এছ হৈছো কিন্তু বিহাৰক আই পি এছ হৈ মই কি দিছো? বিহাৰৰ পৰা বহু আই পি এছ অফিচাৰ ওলাইছে কিন্তু বিহাৰৰ বাবে কোনে কিমান কাম কৰিছো? মই সেয়ে বিচাৰিছো বিহাৰৰ বাবে কিবা এটা কৰিম। মই এটা নীতিয়ে মানি চলো, আগতে নিজৰ ঘৰখন ঠিক কৰিলেয়ে বাকীবোৰ ঠিক কৰিব পাৰিম।

মই অসম এৰা নাই। ফিজিকেলি হে মই গৈ আছো। অসম মোৰ বুকুত থাকিব। চাকৰিকালত মই কাকোৱেই বেয়া পাব নোৱাৰিলো। বহু সন্মান পাইছো অসমত। মোক এনেকৈ বিদায় দিব মই ভাৱিবই পৰা নাছিলো। মোৰ ওপৰত মাজে মাজে বহুত ব্লেম লাগি যায়। সেয়ে ভাৱিছিলো মই মনে মনে গুচি যাম। মই মানুহটো আৱেগিক সেয়ে মই আৱেগিকভাৱে যি তি কৈ পাও। মোক নাপাহৰিব। মই মৰালৈকে অসমক বুকুত ৰাখিম। চিষ্টেমৰ বেৰিয়াৰ থাকে বাবেই মই চাকৰি এৰি কিছু কাম কৰিব খুজিছো। মই খেতি কৰিব খোজো, গাঁৱলৈ গৈ গাঁওৰ মানুহৰ সৈতে সময় কটাব খুজিছো। বাইক লৈ ভ্ৰমণ কৰিব খোজো। কেদাৰনাথলৈ খোজকাঢ়িব মন আছে। ৰামেশ্বৰমলৈকে খোজকঢ়াৰ ইচ্ছা আছে। মই মোৰ পষ্টটো এৰি আন এজন আইপিএছক এই আসন এৰি দিব খুজিছো। ছচিয়েল মিডিয়াত দেখি মোক জাজ নকৰিব। মই জীৱনক উপলব্ধি কৰিছো। জীৱনটো ভালেই চলি আছে কিন্তু অকণমান নিজৰ গৰিমা বৰ্তাই ৰাখি মই যামগৈ। মই ভাষণ দিবলৈ অহা নাই, মই কৈছোৱে যি মনত আহে কৈছো। যিয়ে আইপিএছ হ’ব খোজে আগবাঢ়ক। ইয়াতকৈ ভাল চাকৰি নাই। মোৰ কাম এৰাটোক লৈ আপোনালোকেও এৰি নিদিব।’

media school
Leave A Reply

Your email address will not be published.